Popular Posts

Search This Blog

Friday, 24 March 2017

বিগেষ্ট ফেন অৱ জুবিন!


অসমীয়া পৰীক্ষা হে আছে। ইমান টোপনি ক্ষতি কৰি নপঢ়িলেও হ'ব। অংক, ইংৰাজী থকাৰ দিনা কথাটো বেলেগ। সেইকেইটালে অৱশ্যে ভয় লাগি থাকে ভালকৈ নোৱাৰো যে। তথাপিও এইটো সাধাৰণ পৰীক্ষা নহয় কিন্তু এনেকৈ ইমান সহজ কৈ ল'বলৈ। মেট্ৰিক মেট্ৰিকেই ইয়াত সহজ বুলি একো নাই সকলোবোৰ বিষয়েই একেই সমানেই পঢ়িব লাগিব। এইবোৰ বহুত দিনৰেপৰা শুনি অহা কথা বৰ বেছি গুৰুত্ব নিদিলেই হ'ল। নিজেই জানো নহয় কোনটো বিষয় কিমান পঢ়িব লাগে। বেলেগ বিষয়কেইটা থকাৰ আগদিনা ৰাতি শুবই নোৱাৰি।নিজৰ ভাষাটোও যদি ইমান টোপনি ক্ষতি কৰি পৰীক্ষা দিব লাগে তেন্তে ইমান বছৰেনো কি শিকিলো। আজি মই অলপ সোনকালে শুম বুলি ভাবিছো তাতো খেচখেচনি। এইবোৰৰ পৰা হাত সাৰিবলৈ ৰুমতে মিহিকৈ বাহিৰলৈ শব্দ নোযোৱাকৈ জুবিন দাৰ 'পাখি পাখি এই মন' গানটো লগাই লৈ বিছনাখন ঠিক কৰি ল'লো।

'কি হে এতিয়াই শুবলৈ ল'লা যে কাইলৈ পৰীক্ষা নাই?' পিছলৈ ঘূৰি চাই মই চকুৰে কিবা জলক তবক দেখিলো। কি এইয়া! মই শুম বুলি ভাবিছিলোহে কিন্তু শুৱাৰ আগতেই মই সপোন দেখিলো নেকি? নিজৰ আগতে চিকুট এটা মাৰি চালো। অ মা এইয়া সঁচা দেখোন! মোৰ মৰমৰ জুবিন দা আমাৰ ঘৰত মোৰ ৰূমত। কেনেকৈ সম্ভৱ এইটো! মই কিবা ক'ম বুলিও মেলা মুখ মেলাতেই থাকিল তাৰ আগতেই জুবিন দাই বাজি থকা গানটো বন্ধ কৰি অসমীয়া কিতাপখন লৈ মোৰ বিছনাত বহি ল'লে।

আৰে মই কি বুৰ্বকৰ নিচিনা কৰি আছো। মোৰ ঘৰত জুবিন দা উপস্থিত আৰু মই বহিবলৈ দিব লাগে যে সেইটো কথা অধমৰ মূৰত খেলোৱাই নাই। কি সুধিম কি নুসুধিমকে দেখোন মুখখন মেলিবই পৰা নাই। কি হৈছে মোৰ!
'হ'ব ইমান ভাবি থাকিব নালাগে কি কি পঢ়িলা তাকে কোৱা।' মই কোৱা নোকোৱাৰ দোমোজাত থাকোতে জুবিন দাই আকৌ মাত দিলে। মানে কি মোক এতিয়া পঢ়া ধৰিবলৈহে আহিল নেকি। আহিছেও আহিছে পৰীক্ষাৰ আগদিনা গান এটা শুনো বুলিলেও শুনিব নোৱাৰো আৰু তাতোকৈ আচৰিত কথা জুবিন আহিছে বুলি যে আমাৰ ঘৰত কাৰো হাল্লা নাই। মানে চবেই আগতেই লগ ধৰি ল'লে মই ৰূমত সোমাই থকাতেই গ'ল। বাৰু যি কি নহওক এনেকৈ থাকিলে ন'হব ওচৰতে বহোগে। এখোজ দুখোজকৈ গৈ তেওঁৰ ওচৰতে বহিলোগৈ। কিন্তু জুবিন দাই মোক বেলেগ কিবা সোধাৰ সলনি ওৰাই ঘূৰাই অকল কি পঢ়িলো কি কথা এইবোৰহে সুধি আছে। মাজে মাজে আকৌ ব্যাকৰণো সুধিবলৈ পাহৰা নাই কিন্তু মইহে একোৰে উত্তৰ দিব পৰা নাই। পঢ়াতটো ঠিকেই পঢ়িছিলো কিন্তু এতিয়াহে মনলৈ একো অহা নাই। আচলতে জুবিন দাক কাষতে পাই অলপ নাৰ্ভাছ ফিল কৰিছো চাগে ন'হলেতো এইবোৰ মই চব পাৰিছিলো। তথাপিও কিন্তু মই কম নহয়, একো নোৱাৰিলেও অকণো ভয়-ভীত নোহোৱাকৈ জুবিন দাৰ মৰম লগা মুখখনলৈ চাই থাকোতেই গৈছে। ইফালে তেওঁ যে মোক সোধা কিতাপৰ প্ৰশ্নৰ এটাৰো উত্তৰ দিব পৰা নাই। লাজ পাব লগীয়া কথা, তথাপিও মোৰ কেৰেপ নাই। এইবোৰ মায়ে গম পাব লাগিলে মোক দিব এপালি।

'জুবিন দা গান এটা গাওকনা।'অৱশেষত বহুত চেষ্টাৰ মূৰত মাত এটা ওলাল।

কি কোনে গান গাব লাগে বুলি যিটোহে মাত মোৰ কাণত বাজিল ভয়ত চক্ খাই বহাৰপৰা উঠি গ'লো আচলতে বহাৰপৰা নহয় শোৱাৰপৰাহে ঠতমত খাই উঠি গ'লো। টোপনিৰ জলাকলাতে 'মা জুবিন দা.....' বাকী খিনি মুখেৰে ভালকৈ ফুটিবলৈ নাপালেই 'কালিও সোনকালে শুই গৈছ আৰু এতিয়া জুবিনৰ গান শুন, উঠ যা সন্ধি, সমাসখিনি আকৌ এবাৰ চাই ল পৰীক্ষা শেষ কৰি জুবিনৰ লাইভ চাৱ গান শুন যি কৰ কৰি থাকিবি' বুলি মাৰ কেছেটখন বাজি উঠিলেই। এইখন কেছেট বৰ ভাল একো কষ্ট নকৰাকৈয়ে বাজি উঠে।

শুবলৈ বুলি লৈ যে গানটো লগাই ল'লোহে একেবাৰে জুবিন দা সাক্ষাত আহি ঘৰ পালেহি। মইও জুবিন দাৰ মৰম লগা মুখখনলৈ চাই থাকোতে ৰাতি পুৱাল আৰু একেবাৰে মাৰ মাততহে জুবিন পৰা আঁতৰি অসমীয়া পৰীক্ষালৈ মনত পৰিল। হায় হায় এনেকুৱা 'বিগেষ্ট ফেন অফ জুবিন' হ'লে দেখোন দিগদাৰেই আছে।

No comments: