Popular Posts

Search This Blog

Monday, 13 March 2017

সংসাৰৰ লীলা!

মুনমুন আজি প্ৰথমবাৰৰ কাৰণে মামাকৰ ঘৰলৈ যাব। কাৰোৰে গাত তত নাই। তাক কেনেকৈ নিব, কিহত নিব আগদিনাৰপৰাই মাক-দেউতাকৰ মাজত আলোচনা। মামাকৰ ঘৰলৈ যদিও এবেলাৰ বাত তথাপিও মুনমুনক লৈ যোৱাৰ কথা যে সেয়ে অলপ দোমোজাত পৰিছে।

আজিকালি মুনমুন হাজৰিকাহঁতৰ ঘৰৰে এজন সদস্যৰ দৰে হৈ পৰিছে। সি অহাৰপৰাই সকলোবোৰ মৰম যেন সিয়েই কাঢ়ি লৈ গৈছে আনকি পাঁচবছৰীয়া ছোৱালী মুনিৰো যেন মুনমুনৰ লগত লাগি থাকোতে খেলিবৰ কাৰণে আহৰি নোহোৱা হৈ গৈছে। এতিয়া হাজৰিকানীও তাৰ কাৰণে কতো ওলাই যাব নোৱাৰা হৈছে। জীয়েককে যদি অলপ দেৰি কাৰণে এৰি যাব পাৰে কিন্তু তাক এৰি কতো ওলাই যাব নোৱাৰে। অলপসময়ৰ কাৰণে অকলে থাকিব লগা হ'লেই সি গোটেইখন হুলস্থূল লগাই দিয়ে। এতিয়া তেওঁলোকৰ এটা নহয় দুটা সন্তান।

'মা মা মুনমুনে ইমান ডাঙৰ ডাঙৰকৈ পেক পেক কৰিছে ব'লাছোন' জীয়েকে ঢপলিয়াই আহি মাকৰ ওচৰ পালেহি। জীয়েকৰ টেটুফলা চিঞঁৰত হাজৰিকানীয়েও য'ৰ কাম ত'তে এৰি চাদৰ ওপৰ পালেহি। অলপসময়ৰ আগতে মুনমুনক খাবলৈ দি জীয়েকক ৰখিয়া পাতি থৈ গৈছিল বেলেগ চৰাই আহি যাতে মুনমুনৰ ভাগৰখিনি নাখায়হি। কিন্তু এনেকৈ চিঞঁৰিবলৈ কি হ'ল তাৰ! দেখাততো একোৱেই হোৱা নাই য'ৰ ভাত তাতেই আছে কিন্তু সি খাবলৈ এৰি চিঞঁৰিছে কিয়? একো বুজিব নোৱাৰি হাজৰিকানীয়ে তাক একাষত বহাই এটা হাতত ভাতকেইটামান লৈ তাৰ ঠোটৰ ওচৰত দিয়াত টপাটপ গিলি থ'লে। কথাটো এতিয়াহে তেখেতে বুজি পালে, মানে এওক আজিৰপৰা কোছত লৈ খোৱালেহে খাব। হায় ভগৱান, ই বাৰু কোনোবাজনমত মানুহ আছিল নেকি বাৰু! সকলোবোৰ আদব-কায়দা মানুহৰ নিচিনা ৰূপটোহে হাঁহ। কুকুৰবিলাক বাৰু দেখিছে এনেকুৱা মৰম আকলুৱা কিন্তু এটা হাঁহ হৈও সি দেখোন বেলেগ। মানুহৰ সমাগম য'ত বেছি তাৰো উপস্থিতি তাতেই। এখন্তেকৰ কাৰণেও অকলে থাকিব নোৱাৰে আৰু বেলেগ হাঁহ দেখিলে কুঁছিমুছি হাজৰিকানীৰ কোলাত সোমাইহি যেন সিহঁতবোৰ তাৰ শত্ৰুহে।

মুনমুনৰ মাকজনীক ৰাতি মেকুৰী নে হেঁপাই মাৰি থোৱাৰ পিছত তাক হাজৰিকাহঁতে কোনোমতে ৰক্ষা কৰিলে। সেই তেতিয়াৰপৰাই সি ঘৰৰে এজন হোৱাৰ দৰেই হ'ল। তেওঁলোকৰ পাঁচবছৰীয়া সন্তান মুনিয়ে তাৰ নাম থ'লে মৰমৰতে মুনমুন। আজিকালি মুনমুনক ওচৰ-চুবুৰীয়া কোনোৱে চিনি নোপোৱাকৈ থকা নাই। সৰু সৰু ল'ৰা-ছোৱালীবোৰো মুনমুন বুলিলে পাগল। তাৰ বহল ভৰিকেইখনেদি থুপুক-থাপাককৈ সিহঁতৰ পিছে পিছে পেকপেক কৰি যি দৌৰি ফুৰে দেখিলে মৰম লাগি যায়। হাজৰিকানিয়ে গা ধুই কাপোৰকেইটাও মেলিবলৈ যাব নোৱাৰে সিও পেকপেকাই পিছে পিছে যাব। গঁড়াল বনাই দিয়ে সত্বেও থাকিব নিবিচাৰে এদিন গঁড়ালত থঁওতে যিহে চিঞঁৰ ধৰিলে   সেইদিনাৰপৰা ঘৰতোৰ এটা আঁচুটীয়া ৰুম এটাৰ পকাতে বিছনা এখন বনাই দিলে আৰু ৰাতি হ'লেই টুপুককৈ গৈ বিছনাখনত উঠি শুই থাকে।

মুনমুনৰ কথা শুনি শুনি এতিয়া মুনিৰ মামাকৰ ল'ৰা-ছোৱালী কেইটাই উৎপাত লগাই আছে এদিনৰ কাৰণে হ'লেও তাক সিহঁতৰ ঘৰলৈ লৈ যাব লাগে। কিন্তু এতিয়া নিয়ে কেনেকৈ! কিন্তু সিহঁতেও নেৰে যেনেকৈ হ'লেও এবাৰ নিব লাগে মুনমুনক। শেষত হাজৰিকাৰ পৰিয়ালে সিহঁতৰ কথা শুনি ৰাজি হ'ল মুনমুনক লৈ যাবলৈ।

আজি মুনমুনৰ মামাকৰ ঘৰলৈ যাত্ৰা। মাক-দেউতাকৰ পিছে পিছে থুপুক-থাপাককৈ ওলাই আহিছে মুনমুন। তাৰ পিছে পিছে মুনি তাৰ বিছনাখন লৈ। মুনিৰ লগৰ ল'ৰা-ছোৱালীও ওলাই আহিছে মুনমুনক মামাকৰ ঘৰলৈ পঠাবলৈ। মুনিৰ দেউতাকে লাহেকৈ গাড়ীৰ ডিকিটো খুলি তাৰ বিছনাখন পাৰি মুনমুনক বহুৱাই দিলে। মুনি আৰু মাকো পিছৰ ছিটটোতে বহি ল'লে। মুনিৰ দেউতাকে গাড়ীখন ষ্টাৰ্ট কৰোতেই মুনমুনে যেন কিবা বুজিহে পালে সি পেকপেককৈ মূৰটো দীঘলকৈ মেলি মুনিৰ লগৰকেইটাক বিদায় দিয়াৰ দৰে তাৰ ভাষাতে কিবা-কিবি ক'বলৈ চেষ্টা কৰিলে। এটা একো নজনা নিৰীহ প্ৰাণী যদিও মানুহৰ মাজত থাকি থাকি সিও আদব-কায়দাবোৰ শিকি পেলাইছে। 'এইয়া সংসাৰৰে লীলা' হাজৰিকানীৰ ভাষাত।

No comments: