এতিয়া বিয়া বতৰ। নিজেই এতিয়ালৈকে এখনো বিয়া খাবলৈ পোৱা নাই
যদিও বেলেগৰ বিয়া ফটোবোৰ দেখিয়েই গম পোৱা গৈছে ৰাইজে কেনেকুৱা কাপোৰ পিন্ধি
কেইখন বিয়াত গৈছে। আচলতে আজিকালি এইবোৰৰ খবৰ ৰাখিবলৈ একেবাৰে সহজ হৈ পৰিল কেৱল
সামাজিক মাধ্যমবোৰৰ কাৰণে। বিয়া এখন খাবলৈ গৈ ফটো দিয়াটো বৰ্তমান পৰম্পৰাৰ ভিতৰত
পৰে। সামাজিক মাধ্যমত ফটো এখন দি ৰাইজক 'মই বিয়া খালোঁ কথাটো'ৰ যুক্তিটো একেবাৰে
নুই কৰিব নোৱাৰি। সাঁজি-কাচি বিয়া এখন খাবলৈ যোৱাত বহুত কথা সোমাই থাকে। আজিকালি
ব্যস্তাপূৰ্ণ জীৱনত ঘৰৰ কাষতে থকা বন্ধুজনকো এবছৰমান লগ কৰা নহয়। বাকী মাহী,
পেহী
সম্পৰ্কবোৰটো বাদেই দিলোঁ। কিন্তু বিয়া এখনে সেই সুযোগ আমাক দিয়ে। গোটেই বছৰটোৰ
ব্যস্ততাৰ পিছত, সেই সুযোগ আচলতে আমি হেৰুৱাবও নিবিচাৰোঁ।
এবাৰ তেনে এখন বিয়ালৈ যোৱাৰ পিছত আটাইবোৰ মানুহ লগ পোৱাৰ পিছত মানুহৰ হাতে হাতে
যদি কেমেৰা থাকিও ফটো এখন উঠা নহয় তেন্তে কেনেকৈ হ'ব। আৰু সেইবোৰ স্মৃতি
হিচাপে সামাজিক মাধ্যমত ফটোখিনি দিয়াটো একো বেয়া কথা নহয়। লগতে আমাৰ নিচিনা
বিয়া খাবলৈ নোপোৱা দূৰ্ভগীয়াবোৰেও এইবোৰ ফটো চাই বিয়া খাবলৈ/চাবলৈ নোপোৱাৰ
দুখটো পাতলাব পাৰোঁ। তদুপৰি আজিকালি ট্ৰেণ্ডত কেনেধৰণৰ কাপোৰ,
গহণা
চলি আছে সেইটোও অকণমান চৌখিন মানুহে চকু ফুৰাই লয়। আচলতে এইবোৰৰ জৰিয়তে আমাৰ
পৰম্পৰা সাঁজ-পাৰ, অসমীয়া গহণাবোৰো প্ৰদৰ্শন হয়,
যিটো
খুউব ভাল কথা। এইবোৰ দেখি-শুনি অনুভৱ হয় আমি এতিয়াও আমাৰ পৰম্পৰা হেৰাই যাবলৈ
দিয়া নাই।
পিচে এই বিয়া-বাৰুবোৰ দেখিলে এটা কথাই মনটোত খু-দুৱাই থাকে। আজিকালি বাৰু আগৰ দৰে বিয়াঘৰবোৰত জাউৰিয়ে জাউৰিয়ে বিয়ানামবোৰে
ঘৰখন উদুলি-মুদুলি কৰি ৰাখেনে? ২০০৪চন মানৰ কথা। মই
তেতিয়া দশমমানত। মোৰ বৰতাৰ ছোৱালীজনীৰ বিয়া। দুই তিনিদিনমান আগৰ পৰাই মিটিৰে-কুটুম্বে
বিয়াঘৰ উৰি যোৱা অৱস্থা। লগতে জাউৰিয়ে জাউৰিয়ে পৰা বিয়ানামবোৰে পৰিৱেশটো আৰু
অলপ প্ৰাণময় কৰি তুলিছিল। ওলাওঁতে-সোমাওঁতে, বহোঁতে, পানী আনিবলৈ যাওঁতে কইনাৰ
মাকক দেখি দুগৰাকীমানে বিয়ানাম, কোনোবা দুগৰাকীয়ে দেউতাকক
দেখি, কোনোবাজনীয়ে আকৌ মৰ ফূৰ্তিতে বিয়ানামকে গুণগুণাইছিল। কোনোবাই আকৌ আহি যোৰানামকে
যোৰে। মুঠৰ ওপৰত কোনে কিমান বিয়ানাম গাব পাৰে, কোনে কিমান জানে সেইবোৰ লৈ আখৰা,
প্ৰতিযোগিতা সকলোবোৰ একেলগে চলি আছিল।
আচলতে আগৰ সেই দুই তিনিদিনীয়া বিয়াৰ স্থান পৰিপূৰ্ণ কৰিলে
এদিনীয়া বিয়া। বৰ্তমান যুগত কাৰো ইমান সময় নাই কাৰোবাৰ ঘৰত বিয়া বুলিয়েই তিনি
চাৰিদিন আগৰে পৰা আহি বিয়াঘৰত থাকিবলৈ। আজিকালি সময়ৰ অভাৱতেই হওক বা লাগি
দিয়া মানুহৰ অভাৱতেই হওক বিয়াবোৰ এদিনতেই সামৰি থোৱা হয় য'ত নেকি আয়তীৰ সময়ো
নুলায় জাউৰিয়ে জাউৰিয়ে বিয়া নাম তুলিবলৈ।
এইবোৰৰ উপৰিও আমাৰ অসমীয়া সংস্কৃতিৰ বস্তুবোৰ লাহে লাহে হেৰাই
যাবলৈ ধৰাৰ আঁৰত আছে উত্তৰ ভাৰতীয় সংস্কৃতি প্ৰীতি। আজিকালি প্ৰায়বোৰ বিয়াতেই দেখা
যায় বিয়াখন ঠিকেই হয় তিনিদিনীয়া কাৰ্যসূচীৰে কিন্তু তাত থাকে মেহেন্দী,
সংগীত
ইত্যাদি য'ত বিয়ানামৰ পৰিৱৰ্তে শুনিবলৈ পোৱা উচ্চ
স্বৰত বাজি থকা পাঞ্জাৱী গান আৰু তাৰ তালে তালে ভাংৰা। লোকৰ সংস্কৃতিৰ বিষয়ে
শিকাটো বা জানিবলৈ ইচ্ছা কৰাটো বেয়া কথা নহয় কিন্তু নিজৰখিনিক এলাগী কৰি থোৱাটোহে
কাম্য নহয়।
সেইখন বিয়াৰ পিছত এনেকুৱা এখন বিয়া খোৱা নাই য'ত বিয়ানামে লহৰ
তুলিছিল। হয় গাই, একেবাৰে নোগোৱা নহয় কিন্তু বিয়ানাম গোৱাৰ
সেই আগৰ উল্লাসটো যেন ক'ৰবাত হেৰাই গৈছে। বিয়ানাম হৈছে অসমীয়া লোক
সাহিত্যৰ এক অমূল্য সম্পদ যাক ধৰি ৰাখি নজনাসকলৰ মাজত বিলাই দিয়াটো আমাৰ
দায়িত্ব।যেনেকৈ আমি উত্তৰ ভাৰতীয় মেহেন্দী, সংগীতৰ দৰে অনুষ্ঠানবোৰ আমি
নজনা অসমীয়াসকলৰ আগত তুলি ধৰিছোঁ।
বিয়ানাম কেতিয়াও একক নহয়,
ই
হৈছে সমবেত গীত। বিয়ানাম আৰু উৰুলি এক বিবাহ অনুষ্ঠানৰ অবিচ্ছেদ্য অংগ আৰু এক
মাংগলিক সংকেত বুলিও বিবেচনা কৰা হয়। এই বিয়ানামবোৰ বিভিন্ন সময়ৰ কাৰণে ভেদ ভেদ হয়।
যেনে- কইনা উলিয়াই দিয়া সময়ত, সুৱাগ তোলা সময়ত,
পানী
তোলাৰ সময়ত, দৰা আদৰোঁতে, হোমৰ গুৰিত বহোঁতে
বিধে বিধে এই গীতবোৰ গোৱা হয়।
অন্য লোকগীতসমূহৰ তুলনাত আমাৰ বিয়ানামৰ সংখ্যাই সৰহ।
এইবোৰ কেতিয়া কোনে ৰচনা কৰিছিল সেইবোৰৰ হিচাপ উলিওৱাটো টান যদিও যুগে যুগে এইবোৰৰ
ৰচনা ব্ৰতী আছে।
বিয়ানামবোৰৰ বিষয়বস্তু,
বৰ্ণনা
আদিলৈ চাই বিয়া নামবোৰ দুটা ৰূপত পোৱা যায়। প্ৰথমবিধ গহীন গম্ভীৰ আৰু ৰুচিপূৰ্ণ।
এই ধৰণৰ গীতত ৰাম-সীতা, ৰাধা-কৃষ্ণ, ঊষা-অনিৰুদ্ধ আদি
পৌৰাণিক চৰিত্ৰসমূহৰ বিবাহৰ বৰ্ণনা দি দৰা-কইনাক আবেগিক কৰা দেখা যায়। এই ধৰণৰ
গীতত বিচ্ছেদৰ কাৰুণ্য, মিলনৰ আনন্দ আদি আয়তীসকলে সুন্দৰকৈ প্ৰকাশ
কৰে। এই ধৰণৰ গীতবোৰত ৰচনাৰ সৰলতা, কল্পনাৰ কমনীয়তা,
উপমাৰ
মনোহাৰিতা, ঘৰুৱা জীৱনৰ প্ৰাঞ্জল চিত্ৰ আদি সুন্দৰভাবে
পৰিস্ফুত হোৱা দেখা যায়।
ওপৰত উল্লেখিত বিয়ানামবোৰৰ উপৰিও বিয়ানামৰ অন্য এটা ৰূপ দেখা
পোৱা যায়। ইয়াত দৰাঘৰীয়াই কইনাঘৰীয়াক আৰু কইনাঘৰীয়াই দৰাঘৰীয়াক ঠাট্টা
মস্কৰা কৰা দেখা যায়। এই ধৰণৰ গীতক সাধাৰণতে যোৰা নাম বুলি কোৱা হয়। নামনি অসমত
এই ধৰণৰ গীতক খিচা গীত বুলিও কয়। এই গীতবোৰ দৰা আদৰোঁতে আনন্দ উপভোগ কৰিবলৈ আৰু
কইনা হোমৰ গুৰিত বহোঁতে কাৰুণ্য আঁতৰাবলৈ হাঁহি-তামাচাৰে গোৱা হয়।
এই অৰ্থব্যঞ্জক বিয়ানামবোৰ আয়তীসকলৰ মুখে মুখে অতীজৰে পৰা চলি
আহিছে। ইমান সুন্দৰ বিয়ানামবোৰ থকাৰ পিছতো আজিকালি এই আপুৰুগীয়া সম্পদবোৰ সময়ৰ
গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। বাহ্যিক জাকজমকতাক অধিক গুৰুত্ব দিবলৈ যাওঁতে
বিবাহৰ দৰে এটি অনুষ্ঠান প্ৰাণৱন্ত কৰি ৰখা বিয়ানামবোৰক আমি আওকাণ কৰিবলৈ লৈছোঁ।
যিটো নেকি আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা। প্ৰকৃততে এই বিয়ানামবোৰ হৈছে মহিলাকেন্দ্ৰিক। আমি এইবোৰ শুনিলেই গম
পাওঁ যে এই বিয়ানামবোৰৰ সাহিত্যিক আৰু সাংগীতিক মাধুৰ্য্যৰ কথা৷ ছন্দ, অলংকাৰৰ সুষম প্ৰয়োগে ইয়াৰ সাহিত্যিক
সৌন্দৰ্য আৰু অলপ হ’লেও বঢ়াই তুলিছে। বিয়ানামবোৰ কেৱল কন্যা ঘৰৰ
বিয়াতহে পৰিৱেশিত হয় এনে নহয়, দৰাঘৰীয়া
বিয়াতো বিভিন্ন কাৰ্যৰ লগত সংগতি ৰাখি বিয়ানামবোৰ গোৱা হয়৷ অৱশ্যে কন্যাঘৰত গোৱা
নামৰ সৈতে দৰাঘৰত গোৱা নাম একে নহয়৷ যিহেতু বিয়ানামবোৰ মহিলাকেন্দ্ৰিক গতিকে ইয়াৰ
লগত জড়িত হৈ আছে আয়তীসকলৰ ৰং তামাচা। লাহে লাহে বিয়ানাম গোৱা পৰ্বটো কমি অহাত বৰ্তমানৰ বিয়াত সেই
ৰং তামাচাৰ পৰা আয়তীসকলো বঞ্চিত হোৱাৰ দৰে হৈছে।
আমাৰ উত্তৰ পুৰুষক অসমীয়া লোকসাহিত্যসমূহৰ লগত চিনাকি কৰাই
দিয়াৰ দায়িত্ব আমাৰ। এইখিনিতে এটা উল্লেখ কৰিব লাগিব যে লোকসাহিত্য বুলিলে কেৱল বিয়ানাম
বা সাধুকথাকেই নুবুজায়। ই লোকগীত ,লোককথা বা সাধুকথা
আৰু প্ৰবাদ ,প্ৰবচন, ফকৰা- যোজনা, ডাকৰ বচন, মন্ত্ৰ সাহিত্য ইত্যাদি এই সকলোবোৰকে একেলগে সমাৰি লয়। মুখ
পৰম্পৰাৰে এই শ্ৰেণীৰ সাহিত্য এটা যুগৰ মানুহৰ পৰা আন এটা যুগলৈ চলি অহাৰ বাবে
এইবোৰক মৌখিক সাহিত্য আৰু জনসাধাৰণৰ মাজত বৰ্তি থকাৰ বাবেই ইহঁতক কোৱা হয় “জনসাহিত্য”৷
গতিকে এইবোৰক কালক্ৰমত হেৰাই যাবলৈ নিদি আমি লোকৰ সংস্কৃতিবোৰ আদৰি লোৱাতকৈ
নিজৰবোৰকে সমাজত উপস্থাপন কৰাৰ চেষ্টা চলোৱাটো প্ৰয়োজনীয়। নহ’লে কেতিয়া এইবোৰ
আমাৰ চকুৰ আগতেই পাহৰণিৰ গৰ্ভত লোপ পাব আমি নিজেই গম নাপাম।
No comments:
Post a Comment