শেহতীয়া তথ্য অনুসৰি
জয়মালাৰ পূৰ্বৰ গৰাকী যোৰহাট নিবাসী মোহন চুতীয়া বুলি গম পোৱা গৈছে। জয়মালাই ভোগ
কৰা অত্যাচাৰে এতিয়া তেওঁৰো চকুৰ টোপনি, পেটৰ
ভোক সকলো হৰিছে। হাতী পোহা কামটো বৰ সহজ কাম নহয়। তেওঁ ভালকৈ আল-পৈচান ধৰিব
নোৱাৰিব বুলিয়েই ২০০৮ চনত জয়মালাক গৰাকীয়ে গতাই দিছিল বিহাৰৰ কোনোবা এজন পুৰোহিতৰ
হাতত। ভাবিছিল জয়মালাক তেওঁ যেনেদৰে ৰাখিছিল, বিহাৰৰ পুৰোহিতেও তাইক তেনেদৰেই ৰাখিব। পিচে জীৱ-জন্তুক মৰম
আমি কেইজনে কৰিব জানো! এতিয়া জয়মালাৰ খবৰে আমাক সকলোকে কন্দুৱাইছে। মন্দিৰলৈ বুলি
লৈ যোৱা হাতীবোৰৰ পিছত কি হয়? আমি
জানোনে এনেধৰণৰ ধৰ্মীয় সকামৰ কাৰণে ব্যৱহৃত হৈ থকা কিমান জয়মালাই আজি দিন পৰ্যন্ত
কিমান অত্যাচাৰ সহ্য কৰি আহিছে!
বিশ্ব পশু সুৰক্ষা
প্ৰতিবেদন অনুসৰি, ভাৰতক "মানুহৰ
ব্যৱহাৰৰ বাবে হাতীক বশ কৰাৰ জন্মস্থান" বুলি গণ্য কৰা হয়। হিন্দু আৰু বৌদ্ধ
পৰম্পৰাই হাতীক উচ্চ মৰ্যাদা প্ৰদান কৰে। যুগ যুগ ধৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠান আৰু
মঠ-মন্দিৰে হাতীবোৰক পবিত্ৰ কৰ্তব্য পালনৰ বাবে ব্যৱহাৰ কৰি আহিছে। আনকি ভক্তসকলেও
হাতীবোৰৰ পৰা আশীৰ্বাদ বিচাৰে। উদাহৰণস্বৰূপে আমি দেখিছোৱে গণেশ চতুৰ্দশীৰ দিনা
কেনেকৈ অগণন ৰাইজে হাতী একোটাক বেৰি সেৱা কৰি সুৰে-মূৰে সেন্দূৰ পিন্ধাই আৰ্শীবাদ
বিচৰা দৃশ্য। কিছুমান এনেকুৱা হাতীও আছে যাৰ সুনাম পৃথিৱীত থকা সময়খিনিতকৈও বেছি
দিন জীয়াই থাকে।
পৰম্পৰাগত প্ৰথা
অব্যাহত ৰাখি আজিও ভাৰতত মন্দিৰ আৰু ধৰ্মীয় উৎসৱত হাতী ব্যৱহাৰ কৰা হয়।
এইক্ষেত্ৰত কেৰেলা ৰাজ্যৰ বিশেষ নাম আছে। কেৰেলাত এই উৎসৱবোৰ অতি জনপ্ৰিয় বিশেষকৈ
পৰ্যটকসকলৰ মাজত। কেৰেলাৰ এই উৎসৱবোৰ অতিৰঞ্জিত আৰু আড়ম্বৰপূৰ্ণ। এই উৎসৱবোৰত
ঢোলবাদক, ৰংচঙীয়া সাজ-পোছাক, আতচবাজী, নৃত্য প্ৰদৰ্শনৰ লগতে জিলিকি থকা পাৰ্চন আৰু ময়ুৰৰ পাখি,
অন্যান্য গধূৰ গহণা-গাঠৰিৰে সজ্জিত হাতী ব্যৱহাৰ কৰে। কেৰেলাৰ
এই উৎসৱসমূহৰ ভিতৰত এটা হ’ল এছিয়াৰ সৰ্ববৃহৎ হাতী প্ৰতিযোগিতা অনায়াদী গজমেলা।
কেৰালাত, হাতী অবিহনে উৎসৱৰ কথা ভবাটো অসম্ভৱ।
এনে উৎসৱবোৰত মন্দিৰৰ চৌহদত এশটা প্ৰকাণ্ড হাতী শাৰী পাতি ৰৈ থাকে আৰু সিহঁতৰ
মূৰবোৰ গৌৰৱ আৰু গৰিমাত ওপৰলৈ ধৰি ৰখাটো নিশ্চিতভাৱে এক আচৰ্যকৰ দৃশ্য। কেৰেলাৰ
হাতী পেৰেডৰ আন এক উদাহৰণ হ’ল ত্ৰিচুৰ পুৰম। কেৰালাৰ আটাইতকৈ ডাঙৰ মন্দিৰ উৎসৱ
হৈছে ত্ৰিচুৰ পুৰম। প্ৰতি বছৰে ত্ৰিচুৰ চহৰৰ ভাদাক্কুন্নাথন মন্দিৰত যথেষ্ট
আড়ম্বৰপূৰ্ণ আৰু উলহমালহেৰে উদযাপন কৰা হয় য’ত আৰম্ভণিৰ পৰা শেষলৈকে হয় হাতীৰ
শোভাযাত্ৰা। ত্ৰিচুৰ পুৰমৰ সময়ত প্ৰায়
১০০ টা বন্দী হাতীৰে এই শোভাযাত্ৰা কৰোৱা হয়। প্ৰতিটো হাতীৰ পিঠিত উঠিত এজন
মানুহে এখন হাতেৰে হাতীটোতকৈ ওখ এটা খুউব
ধুনীয়াকৈ সজাই থোৱা ছাতি ধৰি থাকে, আনখন
হাতেৰে ‘য়াক-টেইল-ফান’ লৈ জোঁকাৰি থাকে। পাণ্ডিমেলাম (মন্দিৰৰ বাদকদল) বজোৱাৰ লগে
লগে হাতীৰ ওপৰত থিয় হৈ থকা পুৰুষসকলৰ মাজত ছাতিবোৰৰ আদান-প্ৰদান হয়।
কেৰেলাৰ লোকৰ কাৰণে
হাতী এক জীৱ নহয়; তেওঁলোকৰ কাৰণে লাহে
লাহে ই এক নিজৰ সংস্কৃতি আৰু পৰিচয়ৰ অংশ হৈ পৰিছে। এই আনুষ্ঠানিক হাতীবোৰৰ একো
একোটাই সিহঁতৰ গৰাকীলৈ যথেষ্ট ধন আনি তেওঁলোকক ধন-সম্পত্তিৰে ঐশ্চৰ্যশালী কৰি
তুলিব পাৰে। প্ৰচুৰ পৰ্যটক আৰু স্থানীয় লোকৰ সৈতে উদযাপিত হৈ থকা উৎসৱবোৰ
দুৰ্ভাগ্যজনকভাৱে দেখাত যিমান আনন্দদায়ক, আচলতে
ইয়াৰ প্ৰকৃত ৰূপ তেনেকুৱা নহয়।
সমগ্ৰ ভাৰতৰ মন্দিৰত
আনুষ্ঠানিক হাতী ব্যৱহাৰ কৰা হয়, কিন্তু
কেৰালাত সেইবোৰৰ উপস্থিতি বিস্তৃত। ৰাজ্যখনত দেশৰ প্ৰায় ২,৫০০ বন্দী হাতীৰ প্ৰায় এক পঞ্চমাংশ কেৰেলাত পোৱা যায়। এই
হাতীবোৰ মন্দিৰৰ লগতে ব্যক্তিসকলৰ মালিকানাধীন। যদি আমি এটা পৰ্যবেক্ষণ চলাওঁ আমি
দেখিম যে কেৰেলাৰ গুৰুভায়ুৰ মন্দিৰতে ৫০ টাতকৈও অধিক হাতী আছে।
বাস্তৱত, এই 'আ-অলংকাৰেৰে সজ্জিত' হাতীবোৰক
বহু অত্যাচাৰৰ মূৰতহে এই ৰূপ দিয়া হয়। ইহঁতক বশ কৰিবৰ কাৰণে যিকোনো অত্যাচাৰ
কৰিবলৈ মাউতবোৰ সদা প্ৰস্তুত। এই বন্দী হাতীবোৰ বেছিভাগ অসম, কেৰালা, ৰাজস্থান আৰু তামিলনাডুত পোৱা যায়। আৰম্ভণিতে, প্ৰশিক্ষকেই হওক বা মাউতেই হওক 'হাতীৰ আত্মা ভংগ' কৰাৰ এক ভয়ংকৰ প্ৰথা ব্যৱহাৰ কৰে, যি হৈছে হাতীক মানুহৰ অধীনলৈ অনাৰ এক নিৰ্মম প্ৰক্ৰিয়া। এই
পদ্ধতিটোত তত্ত্বাৱধায়কসকলে লোহাৰ ৰড আৰু তীক্ষ্ণ সঁজুলিৰে শিকলিৰে বান্ধি থোৱা
এটা হাতীক ৭২ ঘণ্টাতকৈও অধিক সময় ধৰি প্ৰহাৰ কৰে। এই প্ৰক্ৰিয়াটোক ক্ৰাছ বুলিও
কোৱা হয়। আন এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল
এই বন্দী হাতীবোৰে সিহঁতৰ কষ্ট অনুসৰি খাদ্য খুউব কমেই খাবলৈ পায়। এই অপৰ্যাপ্ত
খাদ্যৰ ফলত, হাতীয়ে অন্ত্ৰৰ
সংক্ৰমণ, হাঁওফাঁও সম্পৰ্কীয় ৰোগত ভুগিব পাৰে।
ইয়াৰ উপৰিও, বন্দী হাতীবোৰৰ
চৰিবলৈ আৰু ব্যায়াম কৰিবলৈ ঠাইৰ অভাৱ। ইয়াৰ পৰিৱৰ্তে, সেইবোৰ প্ৰকাণ্ড শিলবোৰত শিকলিৰে বান্ধি ৰখা হয় যাৰ ফলত সিহঁতৰ
ভৰিত ঘাঁ লাগি যিকোনো বেমাৰৰ সন্মুখীন হয়। তথ্য অনুসৰি, এই সকলোবোৰ কাৰকৰ ফলত কেৰালাত হাতীৰ আয়ুস দশকৰ আগৰ তুলনাত ৩০
বছৰ হ্ৰাস পাইছে।
কেৰেলাৰ উপৰিও
ৰাজস্থানতো এনেধৰণৰ হাতীৰ উৎসৱবোৰ খুউব জনপ্ৰিয়। এই হাতী উৎসৱবোৰ প্ৰৱৰ্তনৰ পিছৰে
পৰা এই অনুষ্ঠানবোৰে বিভিন্ন পৰ্যটকক উৎসৱমুখৰ অনুষ্ঠানলৈ আকৰ্ষণ কৰিবলৈ সক্ষম
হৈছে। ৰাজস্থানৰ পৰম্পৰা অনুসৰি হাতী হৈছে ৰজাঘৰীয়াৰ প্ৰতীক। সেই সময়ৰ
ৰজা-মহাৰজাসকলে ৰাজস্থানৰ অম্বাৰ পেলেচলৈ হাতীত উঠি গমন কৰিছিল। ৰাজতন্ত্ৰৰ সময়ত
ভাৰতৰ ৰজাঘৰীয়াই এনে অনুষ্ঠান অনুষ্ঠিত কৰিছিল য’ত শক্তিশালী হাতীবোৰে ইটোৱে
সিটোৰ লগত যুঁজ দি ৰাজকীয় অতিথিসকলক আমোদ-প্ৰমোদ দিছিল। আজিকালি প্ৰতি বছৰে
ৰাজস্থানৰ পৰ্যটন গোটৰ উদ্যোগত চৌগান ষ্টেডিয়ামত এই উৎসৱৰ আয়োজন কৰা হয়।
মহোৎসৱৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ বাবে জয়পুৰ প’লো গ্ৰুপৰ খেলপথাৰলৈ স্থান সলনি
কৰা হয়। বহু বছৰৰ পাছত প্ৰথমবাৰৰ বাবে পশু কল্যাণ ব’ৰ্ডৰ প্ৰতিবাদত একেৰাহে দুটা
বছৰ ২০১২ আৰু ২০১৪ চনত এই অনুষ্ঠান বাতিল কৰা হয়। ইয়াত ব্যৱহৃত হাতীবোৰক বিভিন্ন
ৰং আৰু গধূৰ অলংকাৰৰে সজ্জিত কৰা হয় যিটো পশু কল্যাণ সমিতিয়ে কথাটো সমৰ্থন কৰা
নাছিল। প্ৰতিবছৰে এই উৎসৱ আয়োজন কৰা ৰাজস্থান পৰ্যটন গোষ্ঠীটোৱে পশু কল্যাণ
ব’ৰ্ডৰ সৈতে হাতীবোৰক উপযুক্ত নথি-পত্ৰ প্ৰদান কৰি চহী কৰিবলৈও ব্যৰ্থ হয়। ইয়াৰ
ফলস্বৰূপে আয়োজকসকলে অনুষ্ঠানটোৰ নাম সলনি কৰি হোলী মহোৎসৱ কৰাৰ সিদ্ধান্ত লয়।
যুগ যুগ ধৰি ভাৰতে
হাতীক নিজৰ সাংস্কৃতিক প্ৰতীক হিচাপে গণ্য কৰি আহিছে। অতিশয় শ্ৰদ্ধাৰ হিন্দু
ঈশ্বৰ ভগৱান গণেশক বাধা দূৰকাৰী আৰু সৌভাগ্য আৰু শুভকামনা প্ৰদানকাৰী বুলি কোৱা
হয়। এই প্ৰিয় ঈশ্বৰক হাতীৰ মূৰ আৰু মানৱ শৰীৰৰ সৈতে কল্পনা কৰা হৈছে বুলি
বিবেচনা কৰিলে হাতীক গণেশৰ অৱতাৰ বা প্ৰতিনিধিত্ব বুলি বিশ্বাস কৰা হয়। তদুপৰি
বৰষুণ, বজ্ৰপাত, বিজুলী আদিৰ দেৱতা ভগৱান ইন্দ্ৰৰ পৰ্বত হিচাপে এটা ঐশ্বৰিক বগা
হাতী আছে বুলিও মানুহে বিশ্বাস কৰে, যাৰ
ফলত হাতীক দেৱত্ব আৰু ৰাজত্বৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰা হয়। এই পৌৰাণিক আৰু
সাংস্কৃতিক হিন্দু বিশ্বাসে হাতীক শান্তি, মানসিক
শক্তি, ক্ষমতাৰ পবিত্ৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা
কৰিছে।
আৰু পবিত্ৰ প্ৰতীকৰ কিন্তু ৰূঢ় বাস্তৱ ৰূপ এয়াই। এনেদৰে ব্যৱহাৰ কৰিবৰ কাৰণে ব্যৱহৃত হাতীবোৰক যে বশ মনোৱাৰ আঁৰত কিমান ঘৃণনীয়, নিন্দনীয় কাহিনী লুকাই আছে সেয়া জয়মালাই পুনৰ এবাৰ পোহৰলৈ আনিলে।
No comments:
Post a Comment