দিনটো আছিল ১৯ জুন। ফেচবুক খুলিয়ে গম পালোঁ সেইদিনা বোলে পিতৃ দিৱস। আচলতে মই সঁচাকৈয়ে নাজানিছিলোঁ যে সেই দিনটো পিতৃ দিৱস হিচাপে পালন কৰা হয়। আচলতে আজিকালি বহুত কিবাকিবি দিন ওলাইয়ে থাকে নহয়। অহ্, কিন্তু এটা কথা মাতৃ দিৱসৰ কথাটো কিন্তু গম পাওঁ। কাৰণ মায়ে নিজেই কয় 'আজি হেপ্পী মাডাৰছ্ ডেই নহয়, গম পাৱনে?'। মানে মায়েও ফেচবুক কৰিয়ে আজিকালি কিছুমান দিৱসৰ কথা জনা হৈছে।
সেই বিশেষ দিনটোত বন্ধুৰ তালিকাত থকা প্ৰায়বোৰ বন্ধুয়ে নিজৰ নিজৰ পিতৃৰ সৈতে উঠা ফটোবোৰ আপলোড কৰা দেখি ভাল লাগিছে মনটো। সকলোৱে অন্ততঃ কিবা এটা বিশেষ দিনত আৰু অকণ বিশেষ কৰি তুলিবলৈ বিচাৰেই। গতিকে তাত একো বেয়া দিশটো মই নেদেখোঁ। কিন্তু মোৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ হ'লহেঁতেন।
আচলতে আজি
দেউতা আমাৰ মাজত থকা হ'লেও যদি মই ফোনত দেউতাক 'হেপ্পী ফাডাৰছ্ ডেই দেতা' বুলি
শুভেচ্ছা দিলোঁহেঁতেন তেতিয়া দেউতাই ওলোটাই চাগে মোকো ক'লেহেঁতেন 'হেপ্পী
ফাডাৰছ্ ডেই' নহ'লে 'চেম টু ইউ'। মানে
আগতে দেউতাক যেতিয়া তেওঁৰ জন্মদিনৰ দিনা ফোন কৰি 'হেপ্পী বাৰ্থডেই' বুলি
শুভেচ্ছা জনাওঁ, তেতিয়া
ওলোটাই দেউতায়ো মোক 'হেপ্পী বাৰ্থডেই' নহ'লে 'চেম টু ইউ' বুলি কৈ
থয়। যেতিয়া মই ফোনতে চিঞৰ-বাখৰ লগাওঁ 'থেংক ইউ বুলি কওক, আজি
আপোনাৰহে জন্মদিন'। তেতিয়া
আকৌ তেওঁ সেই ধেমেলীয়া সুৰটোতে কয় 'ধেৎতেৰি মই আকৌ আজি তোৰো জন্মদিন
বুলিহে ভাবিছিলোঁ।' তেতিয়া আকৌ মোৰ মুখ উফন্দোৱা পাল 'জানো আপুনি যে আমাৰ তিনিটাৰ কাৰোৰে
জন্মদিনৰ তাৰিখটো নাজানে।'। তেনেকুৱাই আছিল দেউতা আৰু আমাৰ মাজৰ
ধেমালিবোৰ।
দেউতাই কাহানিও ফোন লোৱা নাছিল। যেতিয়া ফোন এটা ল'বলৈ কওঁ তেতিয়া তেওঁৰ সেই একেই কথাই 'কোনে এই ঝামেলাবিলাক চপাই লয়। ক'তো শান্তিৰে বহিব নোৱাৰিম সেইডালে টুংটুঙাই থাকিব।'। ফোন যি নল'লে নল'লেই কোনোৱে ফোন এটা দেউতাক দিয়াব নোৱাৰিলোঁ। গতিকে আমিও মালৈ ফোন কৰিয়ে দেউতাৰ খবৰ লওঁ। যেতিয়াই ফোন কৰোঁ তেতিয়াই মাক সুধা হয় 'কি কৰিছা?' তাৰপিছত সদায় একেটাই প্ৰশ্ন 'দেউতাৰ কেনেকুৱা?'। জানো দেউতা ভালেই আছে তথাপিও খবৰটো নল'লে যেন আধৰুৱা হয় ফোনটো! আজিকালি মাক ফোন কৰিলে মনতে ভাবোঁ 'দেউতা চাগে ঠিকেই আছে, য'তেই আছে।'
দেউতা আমাৰ অলপ গহীন গম্ভীৰ ধৰণৰ ব্যক্তি আছিল। আমাক যেতিয়াই তেতিয়াই গালিও পাৰি নাথাকিছিল। তথাপিও কিবা এটা সমীহ ভাৱ আছিল। কেতিয়াবা বদমাছ মনটোৱে যদি নকৰিবলগীয়া কাম কৰিবলৈ উৎসাহ যোগায়, তেতিয়াই আকৌ বিবেক বোলাজনে 'দেউতা' শব্দটো মনত পেলাই দিয়ে। তেতিয়াই মনটোও কোঁচ খাই আহে। দেউতাৰ ৰঙা চকুহালেই আমাৰ কাৰণে যথেষ্ট আছিল।
কিন্তু এনেকুৱা নহয় যে দেউতাই আমাক অকল শাসনেই কৰিছিল। বা দেউতালৈ ভয় কৰি কটাই দিছিলোঁ। নতুন বছৰ সোমাব, নতুন শ্ৰেণীলৈ পাম! দেউতা গ'ল তেজপুৰ টাউনলৈ দিস্তা কাগজ, বেগ, বহী কভাৰ, পেন পেঞ্চিল যি লাগে যাৱতীয় বস্তু আনিবলৈ। সেইদিনা আমাৰ আকৌ ফূৰ্তিত তত্ নোহোৱা হৈ থাকে নতুন বস্তু পোৱাৰ আশাত। আমি আমাৰ অভাৱৰ বস্তুখিনিৰ কথা নক'লেও যেন দেউতাই বুজি পাইছিল মুখখন চায়েই। আচলতে অভাৱত থাকিবলৈ দিয়াই নাছিল। অতিৰিক্ত বস্তু আমি পোৱা নাছিলোঁ, কিন্তু কিবা এটা দৰকাৰী বস্তু লাগে বুলিও কোৱাৰ দৰকাৰ হোৱা নাছিল। কেতিয়াবা অনুভৱ হৈছিল কেনেকৈ গম পাই যায় এই মানুহজনে সকলোবোৰ!
মই গুৱাহাটীত পঢ়ি থকা দিনৰ কথা! গুৱাহাটীৰ পৰা ঘৰলৈ অহাৰ দিনা ঘৰখন উৎসৱমুখৰ হৈ থাকিছিল। পুৱাৰে পৰা মাক কৈ থাকিব 'এই বাছত উঠিলেনে?'। ফোন এটা কৰচোন 'ক'ত বা পাইছেহি।'। মায়ে ফোন কৰাত যদি এবাৰত ফোনটো নুঠাওঁ, দেউতাৰ ভাষ্য 'তাই গ'ল টোপনি। কুসুমটোলা এৰি বিশ্বনাথ চাৰিআলি' পাবগৈ এতিয়া। এনেকুৱা মৰ টোপনি অ'। মানে ঘৰ আহি নোপোৱালৈকে তেখেতৰ চিন্তাৰ অন্ত নাই। ঘৰ আহি পোৱাত তিনিটাই বাজক বা চাৰিটাই বাজক দেউতা ৰখি থাকিব ভাত নোখোৱাকৈ। আজিও মনত পৰে আগফালৰ বাৰান্দাখনত বহি টোপনিয়াই থাকিব তথাপিও উঠি নাহে ভিতৰলৈ। মাক কয় 'ছোৱালী ঘৰ সোমালেহিহে ময়ো ঘৰৰ ভিতৰ সোমাম'।
ঘৰ গৈ পাই
মাত্ৰ ভাতকেইটা খাই উঠিমহে, সিফালে কাপোৰ সলালেই। পেণ্টৰ বেল্টডাল
মাৰি মাৰি আহিয়ে বিছনাত পৰা মোক ক'বহি 'তই শুবলৈহে ল'লি যে ব'ল যাওঁ।' সিফালে
মায়ে মাত লগাব 'ৰ'বচোন
ছোৱালীজনী আহি পাইছেহিহে, মানুহটোৰ অলৈ যাওঁ তলৈ যাওঁ আৰম্ভ হ'লেই।' সিফালে
গহীনত ক'ব 'তাকে নকৰি
কি কৰিম।'। মায়ে
মুখখন বেঁকা কৰি ক'ব 'জীয়েক
আহিলটো এতিয়া তেওঁৰ দম চোৱা।'। এইটো কথা কেৱল মৰ লগতেই নহয় দাদা আহি
পালেও একেই কাহিনী।
আমাৰ ঘৰত এটা নিয়ম আছিল, সপ্তাহটোৰ বজাৰ এদিনতে কৰা। আমাৰ সাপ্তাহিক বজাৰখন আমি পঢ়া স্কুলৰ (তাতে মায়েও শিক্ষকতা কৰিছিল) ওচৰতে আছিল আৰু বজাৰখন বহিছিল শনিবাৰে। শনিবাৰে স্কুল সোনকালে ছুটি হয় কাৰণে মা, মই, দাদা, ভাইটি গোটেইকেইটা আহি দেউতাক লগ ধৰোঁ। দেউতাই দৰকাৰী বস্তু শাক-পাচলি, মাছ-পুঠি কিনি 'মিশ্ৰ হাৰ্ডৱেৰ'তে বহি থাকে আমালৈ বাট চায়। আমি গৈ পোৱাৰ লগে লগে বহাৰ পৰা উঠি আকৌ বজাৰৰ ফালে যায়, মানে আৰু কিবাকিবি দুটামান আছেই কৰিবলৈ। কোনোবাই যদি সোধে 'দাদা বজাৰ কৰা হোৱাই নাই'। তেতিয়া তেওঁৰ সেই একেই গহীন সুৰটোত টপককৈ ক'ব 'কি ক'বা এতিয়া মূৰ্গী পোৱালিকেইটাই বজাৰখন চাওঁ বুলি কোৱাত দেখুৱাই যাওঁ বুলি আহিলোঁ।'। দেউতাৰ কথাবোৰ তেনেকুৱাই আছিল নিজেই নাহাঁহি গহীনত কথাকেইটা কৈ বেলেগক হাঁহিৰ খোৰাক যোগায়।
আমাৰ এজনী
গাই-গৰু আছিল। নাম তাইৰ লক্ষী। দেউতাৰ কাৰণে লক্ষী যেন এজনী গৰু নহৈ মানুহহে। আমি
স্কুল যাওঁতে লক্ষীক এৰি দিব লগতে কৈ পঠিয়াই 'য'লৈ ত'লৈ নাযাবি বায়েৰ ককায়েৰৰ লগতে
পঠিয়াইছোঁ সিহঁতৰ লগতেই ঘূৰি আহিবি।'। তায়ো আচৰিত গৰু! দেউতাৰ কথা বুজিয়েই
পাই নে কি আমি পঢ়া স্কুলৰ ফিল্ডৰ আশে পাশে চৰি থাকিব আৰু আমাৰ স্কুল ছুটিৰ লগে লগে
আমাৰ লগতে ঘূৰি আহিব। কেতিয়াবা লগৰবোৰে আহি কয়ো 'আজি তহঁতৰ লক্ষীক দেখি আহিছোঁ, ঘাঁহ খাই
আছে ৰাস্তাৰ কাষতে।'। দেউতা যেতিয়া সুস্থ হৈ আছিল প্ৰায়ে সন্ধিয়া ওলাই গৈছিল। আমি তেতিয়া দেউতা
ঘৰত অলপ সময় নাথাকিলে ভাইটি আৰু মই ভালেই পাইছিলোঁ। অলপ পঢ়া টেবুলৰ পৰা উঠি আহিব
পাৰিছিলোঁ। কিন্তু কাণ দুখন সচকিত কৰি ৰাখিছিলোঁ। কাৰণ দেউতা অহাৰ উমান পালেই
লক্ষীয়ে গোহালিৰ পৰা হেম্বেলিয়াব আৰু আমি পঢ়া টেবুলত বহিবগৈ লাগিব। আৰু হয়ো দেউতা
অহাৰ লগে লগে লক্ষীয়ে সিফালে 'হেম্বেলিয়াইছিল আমিও লগে লগে পঢ়া
টেবুলত। দেউতাই আমাক পঢ়া-শুনা কেতিয়াও নাচাইছিল বা নধৰিছিল সেইটো সঁচা কথা। কিন্তু
পঢ়িছিলোঁ দেউতাৰ ভয়তহে। দেউতাৰ এটাই ডায়লগ আছিল 'যিদিনা ইহঁতক ধৰিম বাঘে ধৰাদি ধৰিম।'। কিন্তু
সেই 'বাঘে ধৰা' দিয়াটো
কেতিয়াও নহ'ল। কেৱল
শুনিলোঁহে, দেখা হ'লে
নাপালোঁ।
যি কি নহওক পিতৃ দিৱস বুলি আৰম্ভ কৰি বহুত কিবাকিবি লিখি পেলালোঁ। আচলতে লিখিলে লিখি থাকিবলৈ মন যোৱা এইবোৰ মনপৰশা কাহিনী। পিতৃয়েই হওক বা মাতৃয়েই হওক তেওঁলোকৰ কথা জানো এখিলা পৃষ্ঠাতে লিখি শেষ কৰিব পাৰি! এইবোৰ সদায় মনত সজীৱ হৈ থকা একো একোটা স্মৃতি। আজিও মনটোৱে দেউতাক বিচাৰি হাবাথুৰি খাই, চাবলৈ মন যায় ক’ত বা আছেগৈ আমি অবিহনে থাকিব নোৱাৰা মানুহজন এতিয়া অকলশৰে!
No comments:
Post a Comment