Tuesday, 8 June 2021

চিঠি

 

 


' মৰমৰ শাৰদী, আশাকৰোঁ চিঠিখন পঢ়িবা... '


 


এইখিনি লিখিয়ে সীমান্ত ৰৈ যায়। নোৱাৰে আৰু আগবাঢ়িব। কলমটো কামুৰি মাত্ৰ ডুব  যায় ভাৱৰ সাগৰত।


 


আজি প্ৰায় দুদিনমান হৈছে, সীমান্তৰ গাত চিঠি লিখাৰ এটা নতুন ভূতে লম্ভিছে। ক'ত, কেনেকৈ, কেতিয়া ভূতটো আহি সোমালহি সি নিজেই গম নাপায়।মুঠতে এই দুদিনত মাত্ৰ ইচ্ছা হৈছে এখন চিঠি লিখাৰ। ষ্টুডেণ্টলৈ নোট লিখাৰ সলনি এই দুদিন সীমান্ত লাগি আছে এখন চিঠি লিখিবলৈ। আজিও কাগজ-কলম লৈ টেবুলত বহিছে সীমান্ত। নাই এশাৰীৰ পৰা আগবাঢ়িবই নোৱাৰে। কলমটো কাগজখনত ঘঁহালেই মনত পৰে সমীৰে তালৈ লিখা শেষ চিঠিখনৰ কথা।সীমান্তয়ো চিঠিৰ উত্তৰ লিখিহে থ 'লে, সমীৰক দিয়া নহ 'ল।


 


এনেকুৱা এটা চিঠি লিখা ভূতে সীমান্তক বিয়াৰ আগতেও পাইছিল। শাৰদীলৈ বুলি এখন চিঠি...


 


 


হেঁপাহটো থাকি গ ' ল, খালী লিখাহে নহ ' ল চিঠিখন। প্ৰেম কৰি পাৰ্কে পাৰ্কে বহি থকা এতিয়াৰ প্ৰেমিক-প্ৰেমিকাসকলক দেখিলে সীমান্তৰো মন যায় কেতিয়াবা চিঠি এখন লিখি নতুনকৈ মনৰ কথাবোৰ শাৰদীক ক 'বলৈ।


 


: শুনা।


 


: কোৱা?


 


: কেতিয়াবা চিঠি লিখি পাইছা?


 


:চি...ঠি...


 


"চিঠি" শব্দটো ঘৈণীয়েক শাৰদীয়ে এনেকৈ দীঘলকৈ টানিলে যেন কেতিয়াও শেষ নহ'বই। 


 


: অঅঁ চিঠি।


 


একদম সাধাৰণকৈ উত্তৰটো দিলে সীমান্তই।


 


: নাই লিখা দেই মই কাৰোলৈকে।তোমাৰনো কি হয় মাজে মাজে বুজি নাপাওঁ।


 


চিঠি লিখাটো যেন পাপহে, এনেকুৱা এটা সুৰত কথাকেইটা কৈ তুলিৰ তলত খুচিবলৈ বাকী থকা বিছনা চাদৰখনৰ  একেবাৰে শেষৰ অংশটো লৰালৰিকৈ খুচি  শাৰদী সেই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ বিচৰাৰ দৰে খৰধৰকৈ কোঠাটোৰ পৰা ওলাই আহিবলৈ ধৰি পৰ্দাখন কোচাই আকৌ এবাৰ সীমান্তলৈ ঘূৰি চালে। পিচে সীমান্তৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই। সি কলমটো ওঁঠ দুখনৰে এক বিশেষ কায়দাত চেপা মাৰি ধৰি দিস্তা কাগজৰ এটা পাত ওপৰে, তলে, দুই কাষে ভাঁজ দিয়াত লাগিল। শাৰদীয়ে তাৰ আদৱ-কায়দাবোৰ আঁৰ চকুৰে এবাৰ লক্ষ্য কৰি সেই ঠাই এৰি নিজৰ কাম কৰিবলৈ আগবাঢ়িল।


 


"চিঠি এখন লিখিমেই শাৰদী তোমালৈ!আগতে যে লিখোঁ সমীৰলৈ..."


 


আসসা, সমীৰলৈ! সমীৰ আৰু চিঠি, দুয়োটাতে সোমাই আছে আৱেগ। এতিয়া সমীৰ নাই, আছে কেৱল তাৰ চিঠিবোৰ। আখৰ লিখিবলৈ শিকাৰ পৰাই মাকে সিহঁত দুয়োকে শিকাইছিল চিঠি লিখিবলৈ। সেয়াই মাত্ৰ আৰম্ভণি আছিল চিঠি লিখাৰ। বহুত ডাঙৰলৈকে ইটোৱে সিটোক কিন্তু চিঠি দিয়ে খবৰবোৰৰ আদান প্ৰদান কৰিলে। আনকি সমীৰ...। কলমটো মুখত লৈ কথাবোৰ ভাবি থকা সীমান্তৰ চকু দুটাৰ কোণত নজনাকৈয়ে চকুপানী দুটোপাল গোট খালে। সদায়েই তাৰ তেনেকুৱা হয়, যেতিয়া সমীৰৰ কথা মনত পৰে।


 


 


সমীৰলৈ মনত পৰাত আকৌ এবাৰ তাৰ চিঠিখন সীমান্তৰ পঢ়ি চাবলৈ মন গ'ল। খুউব সযতনে তাৰ ফাইলটোৰ ভিতৰত সীমান্তই সমীৰে পঠিওৱা চিঠিবোৰ এটা চুকো ভাঁজ নলগাকৈ ৰাখিছে যেন এটি নৱজাতকক কেনিও বতাহ সোমাব নোৱাৰাকৈ এখন কাপোৰেৰে কেৱল মুখখন ওলাই থকাকৈ মেৰিয়াইহে থৈছে। যিমানেই সযতনে নাৰাখক কিয় চিঠিৰ কাগজবোৰ এতিয়া অলপ অলপ উঁৱলি গৈছে। বগা কাগজবোৰৰ ৰঙো মদৰুৱা হৈ পৰিছে।  সীমান্তই টেবুলৰ পৰা লাহেকৈ উঠি গৈ তাৰ কিতাপ-পত্ৰ ৰখা আলমাৰিটো লাহেকৈ খুলি ফাইলটো উলিয়াই আনিলে। তাৰ বিশ্ববিদ্যালয়ৰ চাৰ্টিফিকেটৰ পৰা এল পি স্কুলৰ মাৰ্ক শ্বীটখনলৈকে ফাইলটোত ঠাঁহ খাই আছে। সেইবোৰৰ মাজত চিঠিবোৰৰো এটা টোপোলা আছে ফাইলটোত। সেই চিঠিৰ জাপটোৰ পৰা সমীৰৰ শেষ চিঠিখন বিচাৰি উলিয়াবলৈ সীমান্তৰ দুই ছেকেণ্ডৰ বেছি নালাগিল। 


 


চিঠিখন উলিয়াই সীমান্তই এবাৰ নাকৰ ওচৰলৈ নিলে। উশাহটো টানি লওঁতেই কিবা কেচেমাকেচেম গোন্ধ এটা পোৱাৰ দৰে তাৰ উকালি আহি গ'ল। ঠিক সমীৰৰ ডেডবডী চিনাক্তকৰণ কৰিবলৈ যাওঁতে হোৱাৰ দৰে। উস্ কেনে এটা উৎকট অকটা গোন্ধ আছিল সেইটো! মুখৰ চিন-চাব নোহোৱা ল'ৰাটো সমীৰ বুলি কেৱল পুলিচে তাক দিয়া বেল্টডাল আৰু আঙুঠিটোৰ পৰাহে সি গম পাইছিল। সমীৰে দিয়া এই শেষ  চিঠিখন মাজে মাজে উলিয়াই চালে সীমান্তৰ প্ৰায়ে এনেকুৱা হয়। চিঠিখন ফাইলটোত পুনৰ ভৰাই হাত দুখনৰে মুখখন সোপা মাৰি ধৰি 'ওৱাক ওৱাক' কৈ ওলাই আহে। আজিও তাৰ ব্যতিক্ৰম নহ'ল। লৰালৰিকৈ চিঠিখন ফাইলত ভৰাই থৈ সি চকীখনত আকৌ বহিলহি।


 


" পূজনীয় দেউতা


 


সেৱা গ্ৰহণ কৰিব। আমাৰ ভাল, আশাকৰোঁ আপুনিও কুশলে আছে।"


 

সীমান্তৰ মনত পৰিল আগতে প্ৰায়ে সিহঁত দুটাই চাকৰিসূত্ৰে ঘৰৰ পৰা দূৰৈত থকা দেউতাকলৈ এনেকৈয়ে চিঠিখন আৰম্ভ কৰিছিল। মাকে লিখা চিঠিখনৰ তলতে বা পিছফালে দুইটাই দুশাৰী হ'লেও লিখিবই। আখৰ লিখিবলৈ প্ৰথম শিকোঁতে যে কেৱল নামটো লিখি পঠিয়াই আৰু তাৰে উত্তৰ পাবলৈ যে কিমান অধীৰ আগ্ৰহৰে ৰৈ থাকিছিল সীমান্ত সমীৰ! সিহঁতে আশা কৰামতে চিঠিৰ উত্তৰ আহিছিল দেউতাকৰ পৰা। সেয়া যেন চিঠিৰ উত্তৰ নহয় দেউতাকে সিহঁতলৈ পঠিওৱা মোহনভোগহে আছিল পঢ়ি উঠি বহুত দেৰিলৈকে দুয়োটাই লুটিয়াই মেলি চিঠিখনেই  চাই ৰৈছিল।


 


দুয়োটাৰে বয়সৰ ক্ষেত্ৰত মাত্ৰ দুবছৰৰ ইফাল সিফাল কাৰণেই নেকি দুয়োৰে মাজত বন্ধুৰ দৰে মিল আছিল। কেতিয়াও পেটত কথা নুলুকোৱাকৈ ইটোৱে সিটোক সৱ কথাই কোৱাৰ পিছত যে সমীৰে সীমান্তই গম নোপোৱাকৈ এনেকৈ ইমান এটা ডাঙৰ সিদ্ধান্ত লৈ ঘৰৰ পৰা গুচি যাব কেতিয়াও সীমান্তই ভাবিবই পৰা নাছিল।


 


"সীমান্ত"


 


দেউতাকৰ চিঞৰত কলেজলৈ যাবলৈ ওলাই ভাতৰ পাতত বহা সীমান্ত দৌৰি আহি ড্ৰয়িং ৰূমত থকা দেউতাকৰ কাষ পালেহি। দেউতাকৰ ইমান ডাঙৰ মাত সীমান্তই সেইদিনা প্ৰথম শুনিছিল।


 


"দেউতা"


 


"এইখন কি?"


 


হাতত কাগজ এখন জোকাৰি জোকাৰি সীমান্তলৈ দেখুৱাই সুধিলে। সীমান্তই ক'ত কি হৈছে একো ধৰিব পৰা নাই।দেউতাকৰ খং দেখি মাত্ৰ আচৰিত হৈছিল। হাতৰ কাগজখন নিজৰ হাতলৈ আনি চাওঁতেহে,


পূজনীয় দেউতা,


আৰম্ভণিতে আপোনালোক সকলোৰে পৰা ক্ষমা ভিক্ষা মাগিছোঁ। কাকো নোকোৱাকৈয়ে মই সিদ্ধান্ত লৈ মুক্তি সংগ্ৰামত খোজ দিলোঁ, একমাত্ৰ দেশৰ কাৰণে। এয়া মাত্ৰ দেশৰ কাৰণে মোৰ নামমাত্ৰ বলিদান বুলি ধৰি লওক। মাক আপোনালোক দুয়োয়ে বুজাব। চীমক ভুল নুবুজিব, সি এই বিষয়ে একো গম নাপায়। চিঠিখন পঢ়িয়েই পুৰি পেলাব, নহ'লে আপোনালোকৰ বিপদ হ'ব পাৰে।


মোৰ কথা চিন্তা নকৰিব, মোক নিবিচাৰিবও। খালী আপোনালোক কুশলে থাকিব। ক্ষমাৰে


....


তলত নাম নথকা চিঠিখন হাতত লৈ সীমান্ত শিল পৰা কপৌৰ দৰে হ'ল। সমীৰে সীমান্তক আগৰ পৰাই চীম বুলি মাতিছিল। ইফালে মাকজনী কান্দি-কাটি ব্যাকুল গোটেইজনী।


প্ৰথমতে ভাবিছিল দুদিন ধৰি সমীৰ ঘৰত নাই, ক'ত গ'ল, কি কথা কোনোৱে নাজানে, সেইকাৰণে চাগে দেউতাকৰ খং উঠিছে। সেই কেইদিন সমীৰ ঘৰত নথকাতো সিহঁতে বৰ বেছি চিন্তা কৰা নাছিল, কেতিয়াবা সি আগতেও দুদিন তিনিদিনৰ কাৰণে ঘৰ এৰি গুচি যায় শিৱসাগৰৰ পেহীয়েক বা নগাঁৱত থকা জেঠায়েকৰ জীয়েকৰ তালৈ। খবৰ-খাতি নিদিয়াকৈ তিনিদিনমান থাকি অহাৰ পিছত যেতিয়া ঘৰত সোধ-পোছ চলে তেতিয়াহে আচল কথা ওলাই তাৰ বোলে ঘৰত থাকি আমনি লগাত গুচি গ'ল। মাকে তেতিয়া কন্দনামুৱা হৈ কয় "খবৰ এটাতো দি যাব পাৰ, যিহে দিনকাল আজিকালি।"। সেইবাৰো ভাবিছিল একে কামকে কৰিছে সি। খবৰ এটা ল'বলৈও সেই সময়ত কাৰো হাতে হাতে ফোন বা যাৰ ঘৰলৈ যোৱাৰ সম্ভাৱনা আছে সিহঁতৰ ঘৰত লেণ্ডলাইন নাই। গতিকে তিনিদিনৰ পিছত যদি খবৰ নাপায়, সিহঁতে খবৰ কৰিম বুলি ভাবি থাকোঁতেই, দেউতাকে সীমান্তৰ পঢ়া টেবুলত কিবা এটা বিচাৰি থাকোঁতে সমীৰৰ চিঠিখন পালে। সমীৰৰ আখৰকেইটা দেখিয়েই দেউতাকে চিনি পাইছিল। তাৰ আখৰ মানে একেবাৰে বাখৰগুটি। যিয়ে দেখে সিয়ে শলাগি থৈ যায়। সীমান্তৰকেইটা আকৌ সিমানেই বেয়া। আগতে দেউতাকে সদায় সীমান্তলৈ আখৰকেইটাৰ যত্ন ল'বলৈ চিঠিখনত এশাৰী বেলেগকৈ লিখেই। 


 


সমীৰে লিখি থৈ যোৱা চিঠিখনৰ পৰাহে সীমান্তই গম পালে সমীৰে যে দেশৰ মুক্তিৰ কাৰণে বেলেগ পথ ল'লে। এটা কথাও নুলুকোৱাকৈ থকা সমীৰে কেনেকৈ সীমান্তৰ পৰা সি উগ্ৰপন্থীত যোগদান কৰাৰ দৰে কথা এটা নোকোৱাকৈ থাকিল সীমান্ত ভাবি আচৰিত হৈছিল। পিচে দেউতাকে কোনোপধ্যেই সীমান্তক বিশ্বাসত ল'ব পৰা নাছিল।তেওঁ বহুতদিনলৈকে ভাবিয়ে থাকিল সমীৰৰ দৰে সীমান্তই সৱ কথা গম পায়ো তেওঁক ফাঁকি দি আছিল।


 


ৰিটায়াৰড্ হৈ অহা একেবাৰে ঘৰলৈ দেউতাকে শান্তিত ঘৰত কটাবলৈ পোৱা নাছিল। কেতিয়াবা পুলিচ থানা, কেতিয়াবা ঘৰৰ পৰা অলপ দূৰলৈ নি সোধা-পোচা এইবোৰ চলিয়েই থাকিল। লগতে সীমান্ত। না সি মুক্ত মনেৰে ঘূৰিব পাৰিছিল, না কলেজ যাব পাৰিছিল। ক'ত কেতিয়া তাক কেনেকৈ উঠাই নি পুলিচ থানা পোৱাইগৈ ঠিক নাই। মাকজনী! মাকৰটো অৱস্থাই নোহোৱা হ'ল। পুতেকৰ চিন্তাতে যত যিমান বেমাৰ আছিল মাকৰ গাতে বাহ ল'লেহি।হাঁহিচম্পা মাকজনীৰ মুখৰ হাঁহি মুখতে শুকাল। সীমান্তই কেতিয়াবা মাকৰ মন মুকলি কৰিবলৈকে কৈছিল,


 


: মই কি তোমাৰ ল 'ৰা নহয় নেকি! মোৰ কথা ভাবিতো অলপ ফূৰ্তি কৰি থাকা। চাবাচোন সমীৰক আকৌ ঘূৰাই আনিমেই। মাত্ৰ ধৈৰ্য ধৰা।


 


সি জানে মাকক যিমান বুজায়ো লাভ নাই, তথাপিও তাৰ খাতিৰতে মাকে হাঁহি এটা মাৰিবলা যত্ন কৰিছিল। সীমান্তই সমীৰক বুজাইছিলোঁ, সমীৰ সৈমানো হৈছিল। ঘূৰি আহিছিল সমীৰ এটা নশ্বৰ দেহ হৈ।


 


সমীৰে উগ্ৰপন্থীত যোগদান কৰাৰ পিছৰ সময়খিনি কিমান যান্ত্ৰণাত পাৰ কৰিছিল সীমান্তহঁতে বুজাব নোৱাৰে। কেতিয়াবা সমীৰ ওৰফে কন্দৰ্প আহে ঘৰলৈ, তাৰ পিছ মুহূৰ্ততে আৰ্মি বা পুলিচৰ গাড়ী আহি পাই যায়হি সিহঁতৰ ঘৰ। কথা-বতৰা পতাৰ সুযোগ একেবাৰে নাপায়। সেয়ে সীমান্তই সকলোবোৰ লিখি ৰাখে, সি আহিলেই চিঠিখন দিয়ে আৰু সমীৰে লিখি অনা চিঠিখন ৰাখি পঠিয়াই দিয়ে তাক। চিঠিত সি সমীৰক কিমান বুজাই যে আকৌ ঘূৰি আহক সহজ পথলৈ। মুক্তমনৰে ঘূৰক মুকলি আকাশৰ তলত। চিঠিতেই মাক-দেউতাক সকলোৰে কথা কৈ কৈ সীমান্তই তাক বুজাইছিল। সেইকাৰণেই নেকি সীমান্তৰ কাৰণে চিঠিখন এতিয়াও এক আৱেগ। এইবোৰ আছিল আজিৰ পৰা বিশ বছৰৰ আগৰ।কথা। তথাপিও চল্লিশ বছৰীয়া সীমান্তৰ কাৰণে সৌসিদিনাৰ হে ঘটনা। 


চিঠিৰ কাৰণে যে কত দূৰ্ঘটনাও ঘটি গৈছে তাৰ জীৱনত!সীমান্ত ক্লাছ টেনত থকাৰ ঘটনা এটা। স্কুলত যেতিয়া লেজাৰৰ সময়খিনিত বাকীবোৰে খেলা-ধূলা কৰে, নহ'লে গ্ৰুপ এটা বান্ধি লৈ লেকচাৰ মাৰি থাকে সেই সময়ত সীমান্ত সদায় ক্লাছৰ দুৱাৰখনতে হাত দুটা পিছলৈ দি ভেজা দি ৰৈ থাকে। ভাল লাগিছিল তাৰ তেনেকৈ ৰৈ সৱকে চাই থাকিবলৈ। এদিন হঠাৎ তেনেকৈয়ে তাৰ চকুত পৰিছিল অনন্যাক। অনন্যাক ভাল লগা কথাটো সমীৰৰ কাণত পৰিবলৈ পালেহে সি তীখৰ গুটিয়ে লগেলগে তাইলৈ চিঠি এখন লিখি দিলেই। সেই চিঠি লৈ অনন্যাৰ মাক যেতিয়া সীমান্তহঁতৰ ঘৰ ওলালহি, তেতিয়াহে সীমান্তই গম পালে সমীৰে তলে তলে কি কৰি থৈছে। চিঠিত তাৰ আখৰ দেখিয়ে মাকো নিশ্চিত হ'ল যে সেযা কাম সমীৰৰে কিন্তু এই পঢ়া-শুনা কৰাৰ বয়সত প্ৰেম কৰাৰ বাবে সীমান্তইও গালি নোখোৱাকৈ নাথাকিল। প্ৰেমে কলি মেলোঁতেই সীমান্তৰ প্ৰেমত পোকে ধৰিলে। মাত্ৰ এখন চিঠিৰ কাৰণে। যেতিয়া সমীৰক মাকে সুধিলে, তাৰ উত্তৰ,


 


: ভাল লাগিছে কৈ দিব লাগে। মই এনেও জানিছিলোঁ সি নিজে একোডাল কৰিব নোৱাৰে। সেইকাৰণেহে মই সহায় কৰিছিলোঁ। উপকাৰীক অজগৰে খাই যে তাৰ প্ৰমাণ হাতে হাতে পালোঁ। কিমান যে ধুনীয়াকৈ লিখিছিলোঁ চিঠিখন,


"মৰমৰ অনন্যা,


জানো তুমি ভালে আছা। তুমি ভালে আছা মানে মোৰো ভাল। জানা অনন্যা তোমাক দেখিলে মোৰ হৃদয়ত জিলিকি উঠে সাতোৰঙী ৰামধেনু। মোৰ প্ৰিয় ৰং কি জানিব বিচাৰানে? ভালপোৱা মোৰ প্ৰিয় ৰং মানে তুমি। তোমাৰো যদি প্ৰিয় ৰং ভালপোৱাই, তেন্তে চিঠিৰ উত্তৰ দিবা।


ইতি

সীমান্ত"


 


সমীৰে নিৰ্বাকভাৱে দিয়া উত্তৰটোত মাকেও হাঁহি সামৰিব পৰা নাছিল। কবিতা আবৃত্তি কৰাৰ দৰে মাকৰ আগত পঢ়ি শুনোৱা চিঠিখনৰ কথাবোৰ শুনি সীমান্তৰ কিবা নিজৰে লাজ লাগি গ'ল। ক্লাছ টেনৰ বছৰটো কেনেকৈ যায় যেন লাগিল। বিশেষকৈ যেতিয়া অনন্যাক দেখা পায় সীমান্ত লাজতে ৰঙা চিঙা পৰে। ইমান সুন্দৰকৈ হাঁহি-ধেমালিৰে চলি থকা ঘৰখনৰ হাঁহিবোৰ ভৰিৰে মোহাৰি থৈ গৈছিল সমীৰৰ মাত্ৰ এটা সিদ্ধান্তই। সীমান্তই চিঠিত লিখি দিয়া বহুত বুজনিয়ে হয়তো সমীৰক শুদ্ধ পথলৈ আহিবলৈ বাধ্য কৰাইছিল। অৱশেষত এদিন এখন ভাল চিঠি আহিল, বহুত কিবাকিবি লিখাৰ অন্তত এশাৰী বাক্যই সকলোৰে মনবোৰ মুকলাই তুলিছিল "মই ঘূৰি আহিম।"। সঁচাকৈয়ে সমীৰ এদিন ঘূৰিও আহিল বগা কাপোৰেৰে ঢাক খাই এটা কফীনৰ ভিতৰত।


 


চিঠি লিখিবলৈ বহি সীমান্তৰ সমীৰৰ কথাবোৰহে মনলৈ আহিবলৈ ধৰিলে। আজি সি অকলশৰীয়া। মাক-দেউতাক, সমীৰ কোনো নাই তাৰ লগত। সমীৰৰ পিছতেই মাকো গুচি যায়, সামান্য এটা জ্বৰতে। আচলতে মাকৰ বেমাৰবোৰে লগ লাগিছিলহি তেতিয়াই। মাত্ৰ বাট চাই আছিল সমীৰ ঘূৰি অহালৈ।


এতিয়া মাত্ৰ সীমান্তক এগৰাকী নাৰীয়ে আৱৰি ৰাখিছে। সুখে দুখে একেলগে এতিয়া মাথোণ শাৰদীয়ে তাৰ কাৰণে সকলো। সকলোৰে মৰমবোৰ দি তেওঁ সীমান্তক এইবোৰ দুখৰ পৰা আঁতৰাই ৰাখিছে।


 


শাৰদী, কি ধুনীয়া কবিতা কবিতা লগা এটা নাম। শাৰদী নামটোতে প্ৰেমত পৰিছিল সি। দেউতাকে ঠিক কৰা ছোৱালীজনীক নেদেখাকৈয়ে নামটো শুনিয়েই সি 'হা' কৈছিল। পিচে বিয়াখন পাতি দি দেউতাকো বৰ বেছি দিন নাথাকিল। মাক আৰু সমীৰৰ ওচৰলৈ গ'লগৈ। তাক মাত্ৰ লগ এটা দি থৈ গ 'ল। নামটো যেনে দেখাই-শুনায়ো তেনে শাৰদী। শেৱালিৰ দৰে শুভ্ৰ, গাৰ ৰঙটোও, মনটোও। তাৰ বুকুখন পোহৰাই ৰাখে শেৱালিৰ শুভ্ৰতাৰে ভৰাই তোলে শেৱালিৰ সুৱাসে। ইমান বুজি পায় শাৰদীয়ে তাক!কি আছে শাৰদীৰ কণ্ঠত, এটা মৰমৰ মাতে তাক পাহৰাই দিব পাৰে পৃথিৱীৰ সমস্ত দুখ।


 


শাৰদীৰ লগত চিনাকি হোৱাৰ পিছত তাৰ খুউব মন গৈছিল তাইলৈ এখন চিঠি লিখিবলৈ। কাউৰীঠেঙীয়া আখৰ হ'লেও মন গৈছিল তাৰ অনুভৱবোৰ চিঠিৰে প্ৰকাশ কৰিবলৈ। সমীৰ থকা হ'লেতো সি নৰ'লেইহেঁতেন!পিচে সিহঁতে বিয়াৰ আগত ইজনে সিজনক জানিবলৈ বৰ বেছি সময়ো নাপালে। খুউব খৰখেদাকৈ বিয়াখন হোৱাৰ দৰে হৈ গৈছিল।


 


: অথনিৰ পৰা কি ভাবি আছানো? আহা কিবা এটা খাই লোৱাহি।


 


শাৰদী আহি দুৱাৰমুখৰ পৰাই সীমান্তক মাত দিলে। শাৰদীৰ মাতত সীমান্তই ঘূৰি চাই তাইক হাত বাউলৰে ইংগিত দিলে তাৰ ওচৰলৈ আহিবলৈ।


 


: প্লীজ মোক চিঠিৰ কথা নুসুধিবা।


 


অলপ বিৰক্তি পোৱা নিচিনা দেখুৱাই শাৰদীয়ে পৰ্দাখন ডাঙি সোমাই আহিল।


 


: আৰে চিঠি লিখাটো বেয়া কথা নেকি? আমি আগতে কিমান...


 


: কিমান প্ৰেমপত্ৰ লিখিলা নহয় জানো!


 


সীমান্তক আধাতে ৰখাই শাৰদীয়ে ক'লে।


 


: ইয়ে তুমি কেনেকৈ জানিলা? চাবা নেকি সেইবোৰৰ উত্তৰ?


 


শাৰদীক অলপ জোঁকাও বুলিয়েই সীমান্তই ক'লে।


 


: হ'ব দৰকাৰ নাই, কোনো সতিনীৰ চিঠি চাবলৈ মোৰ মন নাই।


 


শাৰদীয়ে অভিমানৰ সুৰৰে মুখখন ফুলাই উত্তৰ দিলে।


 


: ব'লা এতিয়া খাই ল'বা। চিঠি পিছত। অহ আজি তোমাৰ ক্লাছ নাই নেকি?


 


সীমান্তৰ চকীখনৰ পিছফালে থিয় হৈ তাৰ চুলিখিনিৰ মাজত আঙুলিকেইটা বোলাই দিলে শাৰদীয়ে আকৌ এবাৰ তাক খোৱাৰ কথা মনত পেলাই দিলে।


 


:ক্লাছ! আজি দেওবাৰ বুলি পাহৰিলা?


 


সীমান্তৰ উত্তৰত শাৰদীয়ে অলপ লাজ পোৱাৰ দৰে হৈছিল যদিও নেদেখুৱালে। আচলতে চিঠি লিখাৰ কথাটো সোধাৰ পৰাই তাই অলপ ডিষ্টাৰ্বড  হৈ আছিল। চিঠিৰ কাহিনী যে তাইৰো আছে। চিঠিয়ে যে বহন কৰে তাইৰো অতীতৰ এক আধৰুৱা প্ৰেম  কাহিনী। ভাস্কৰৰ লগতটো বিস্ময়ৰ পত্ৰবন্ধুৰ যোগেৰেই চিনাকি হৈছিল শাৰদীৰ। ভাস্কৰো বোলে প্ৰেমত পৰিছিল তাইৰ কবিতা কবিতা লগা নামটোৰ কাৰণেই। সিগঁতৰ পত্ৰৰ যোগেৰেই আৰম্ভ গৈছিল প্ৰেম, কিন্তু সেই প্ৰেমে বিবাহৰ ৰূপ নাপালে একমাত্ৰ ককায়েক আৰু দেউতাকৰ কাৰণে। তেওঁলোকৰো ভুল নাই একমাত্ৰ জীয়ৰী আৰু ভনীয়েকক কেনেকৈ অকল কবিতা লিখা ল'ৰা এটালৈ বিয়া দিব। বহু কান্দিলে, বহুত অভিমান কৰিলে কিন্তু সেইবোৰ তেওঁলোকৰ ওচৰত অথলে গ'ল। শাৰদীয়ে ধৰা জেদৰ কাৰণেই দেউতাকে যিমান পুৰণা বিস্ময় আছিল সকলোবোৰ দম কৰি এদিন জ্বলায়ো পেলাইছিল। কেতিয়াও নেদেখা দেউতাকৰ খং দেখি মাকে তাইক বুজাইছিল। বুজিছিল তায়ো। প্ৰতিজ্ঞা কৰিছিল কাৰোবালৈ বিয়া হ'লেও কেৱল মাক-দেউতাকক সন্তুষ্ট কৰিবলৈহে হ'ব। এবাৰ কাৰোবাক হিয়াখন সঁপি দিয়াৰ পিছত কেনেকৈ বিয়াৰ নামত অপ্ৰেমী এজনক দেহাটো উদঙাই দিব তাই। জিকাৰ খাই উঠিছিল শাৰদী ভয়ত। ঘৰৰ পৰা পলাই যোৱাৰ কথাও মনলৈ আহিছিল কিন্তু নোৱাৰিলে শাৰদীয়ে।


 


সেই ঘটনাৰ দুদিনমান পিছতেই সীমান্তৰ খবৰ পাই অতি সোনকালে বিয়াৰ যো-জা চলাই শাৰদীক বিয়া দিলে‌। ইমান সোনকালে সকলোবোৰ হৈ গৈছে। শাৰদীয়ে পৰিস্থিতিৰ লগত খাপ খোৱাবলৈ সময়ে নাপালে। ঘটনাটো ঘটি যোৱাৰ লগে লগে অইন এজনক আকৌ অন্তৰখন দিবলৈ শাৰদী মুঠেই সাঁজু নাছিল। কিন্তু সীমান্তৰ নম্ৰ, শান্ত, মৰমীয়াল স্বভাৱে তাইক সলনি কৰিবলৈ বেছিদিন নালাগিল। এদিনতে 'আপুনি 'ৰ পৰা তুমি ক 'বলৈ বাধ্য কৰোৱা সীমান্তৰ মৰমৰে তাইক বুকু ভৰাই ৰাখিছে। তথাপিও দেখোন তাইৰ অতীতটোক সম্পূৰ্ণকৈ খুলি দিব নোৱাৰে সীমান্তৰ ওচৰত। অৱশ্যে সি কেতিয়াও এই বিষয়ে তাইক সোধাও নাই একো। আজি চিঠিৰ কথাটোৱে তাইক আকৌ অতীতলৈ উৰুৱাই নিলে। কেনেবাকৈ সীমান্তই গম পোৱা নাইতো! তাই দেখোন জুৰোণৰ আগদিনা প্ৰাঞ্জলে দিয়া সকলোবোৰ চিঠি পুৰি পেলাইছিল। আজি আকৌ চিঠি...


 


: কি ভাবি আছা? খাবলৈ মাতিবলৈ আহি নিজেই সপোন দেখি আছা যে। ব'লা ব'লা...


 


সীমান্ত উঠি তাই গাত হেচুকি দিয়াতহে শাৰদীৰ সম্বিত ঘূৰি আহিল।


 


: ব'লা


 


লাহেকৈ মাতটো উলিয়াই সীমান্তৰ পিছে পিছে শাৰদী বাধ্য ছাত্ৰীৰ দৰে আহি থাকিল।


 


: জানানে চিঠিত লিখা আৰু মেছেজত লিখা অনুভৱ একে নহয়। চিঠিত কাৰ কিমান কথা, কাৰ কিমান গোপনীয়তা লুকাই থাকে  নহয়নে।


 


ডাইনিঙৰ চকী এখন টানি সীমান্তই কোৱা কথাকেইটাত শাৰদীৰ আকৌ বুকুখন ঢিপিঙকৈ মাৰিলে।


 


শাৰদীয়ে কিবা এটা ধৰা পৰাৰ ভয়ত গহীনত "হমমম" বুলি কৈ ডাইনিঙত থৈ দিয়া লুচীৰ পাচিটোৰ পৰা দুখন লুচী সীমান্তৰ প্লেটত দি নিজেও এখন ল'লে। কামবোৰ কৰি আছে যদিও শাৰদী সহজ হ'ব পৰা নাই। কি ঠিক কেনেবাকৈ সীমান্তই গম পাবও পাৰে! হয়তো কথাবোৰ উলিয়াবলৈকে এইবোৰ কৈ থাকিব পাৰে! এনেকৈ থকাতকৈ শাৰদীয়ে সকলোবোৰ কথা সীমান্তক কৈ দিব আজিয়েই।


 


: সীমান্ত


 


: কোৱা।


 


লুচী একামোৰ মাৰি চ'লেখিনি মুখত ভৰাবলৈ চামুচখন লওঁতেই সীমান্তই মাত দিলে।


 


: তোমাক অলপ কথা ক'বলৈ আছে।


 


তললৈ মুখ কৰি শাৰদীয়ে উত্তৰ দিলে।


 


শাৰদীৰ উত্তৰত সীমান্তৰ পুনৰ চিঠি লিখা ভূতটোৱে উকাই উঠিল। সি মিচিককৈ হাঁহি এটা মাৰি ক'লে,


 


: যি কোৱা চিঠি এখনত লিখি ক'বানা। ময়ো তোমালৈ এখন চিঠি লিখিম‌। আচলতে বিয়াৰ আগতেই ভাবিছিলোঁ কিন্তু নহ'লগৈ। এতিয়া এইটো সুযোগ দিয়ানা প্লীজ। এনেকৈ আৰম্ভ কৰিম চিঠিখন


 


' মৰমৰ শাৰদী, আশাকৰোঁ চিঠিখন পঢ়িবা... '


 


 


সীমান্তই হাঁহি হাঁহি কৈ থকা কথাবোৰ শুনি শাৰদীয়ে ভাবিলে "তাই কেনেকৈ আৰম্ভ কৰিব? কি লিখিব চিঠিৰ উত্তৰত সীমান্তলৈ। তাইৰ অতীতৰ আধৰুৱা প্ৰেম কাহিনীৰ কথা!"


"কি ভাবি আছা?"


সীমান্তৰ মাতত দুদোল্যমান অৱস্থাৰ শাৰদীয়ে মাত্ৰ সীমান্তলৈ চাই এনেই আঁকৰীৰ নিচিনাকৈ হাঁহি এটা মাৰিলে।

No comments: