Monday, 21 September 2020

ছাগলী মাংস!


"মাংস কেই কেজি হ'লে ভাল হ'ব?"

"৪০কেজিয়ে হৈ যাব লাগে।"

"নাই নাই ৪০কেজি হ'লে ইমানবোৰ মানুহক জুৰোৱা টান আছে।"

"হেহ কি কথা কয়হে ৪০কেজিয়ে নাতিবনে?"

"এপিছ বা দুপিছকৈ দিলে আতিব আৰু... মানুহ কিমান হয় তাৰ ওপৰতহে সকলোবোৰ।"

পাঁচ ছয়জনীয়া মানুহখিনিৰ দলটো আহল বহল চোতালখনৰ মাজমজিয়াত বহি আলোচনাত ব্যস্ত হৈছে। ভাজি-পাছলি, চাউল-দালিৰ হিচাপটো হৈ যাব বাৰু,  কিন্তু সমস্যাটো হ'ল  মাছ-মাংসৰ হিচাপটোক লৈহে। বিয়া-সবাহেই হওক বা শ্ৰাদ্ধ, মৎস্য স্পৰ্শ ইত্যাদিৰ ভোজেই হওক মাছ-মাংসৰ হিচাপটো সঠিক নহ'লে মানুহবোৰক সন্তুষ্ট কৰাটো টান। প্ৰায়বোৰৰে চকুত মাছ-মাংসৰ এলা-পেচা হিচাপটোৱে নাতেই।

মহিধৰ কলিতাৰ ঘৰতো ইয়াৰ ব্যতিক্ৰম নহ'ল। কলিতাৰ ঘৰত কালি তিলানিটো হৈ যোৱাৰ পিছত আজি সকলোবোৰ ভাগে ভাগে হিচাপ-নিকাচত লাগিছে। অঞ্চলটোৰ অলপ সৰবৰহী খোৱাই-বোৱাই আগ্ৰহীসকল আদ্য শ্ৰাদ্ধ আৰু মৎস্যস্পৰ্শ ভোজৰ দিনা কি খুওৱা হ'ব সেই লৈয়ে ব্যস্ত। মহিধৰৰ ডাঙৰ পুত্ৰ কুলদীপক মাজতে বহুৱাই আলোচনাভাগি আগবঢ়োৱা হৈছে। 

"এই দুদিন গৰমটোও খুউব পৰিছে। এনেকুৱা গৰমত ভোজৰ দিনা বেছি মানুহৰ আশা নকৰাই ভাল। এনেও মানুহবোৰ আজিকালি স্বাস্থ্যৰ প্ৰতি সচেতন হৈছে। গতিকে এই গৰমত মাছ-মাংসবোৰ খাই পেট বেয়া কৰিবলৈ নাহে।" গৰমত ঘামি-জামি পিন্ধি থকা বগা কপাহী কুৰ্তা সদৃশ চাৰ্টটোৰ ওপৰৰ বুটাম দুটা খুলি চাৰ্টৰ ভিতৰৰ ফালে মুখখন নি এবাৰ দুবাৰ ফুফু কৰি মহেশ্বৰ কেৰাণীয়ে কৈ উঠিল।

মহেশ্বৰ কেৰাণীৰ কথাত দুজনমানে হয়ভৰ দিলে যদিও কেইজনমানে বৰ এটা সন্তোষ পোৱা যেন নালাগিল। সকলোৰে কথাবোৰ শুনি থাকি কুলদীপে মাত্ৰ মূৰটো দুপিয়াই দুপিয়াই শলাগিহে গ'ল। মাজে মাজে গাড়ী থোৱা গেৰেজটো খালী কৰি খবৰ কৰিবলৈ অহা মানুহ বহিবলৈ সুবিধা কৰি দিয়াৰ কোঠাটোৰ এচুকত বহি থকা মাক আৰু ঘৈণীয়েকলৈও চকু যায়। ঘটনাটো ঘটাৰ পিছতে মাকৰ চকুৰ চকুলো শুকুৱাই নাই। মাজে মাজে তাৰ ঘৈণীয়েক নৱনীতাই মাকক কিবা এটা বুজাই আকৌ চাদৰৰ আচলৰে নিজৰ চলচলীয়া হোৱা চকু দুটাও মুচি লয়। 

দেউতাক মহীধৰে ৰভা দিবলৈ অহা মানুহখিনিক কিবা দুটামান কৈ বাৰাণ্ডাখনতে বহেহি। হয় দেই আজি এই চাৰিদিনতে ঘৰৰ মানুহখিনিৰ বয়স যেন চাৰিবছৰ বাঢ়ি গ'ল। একেবাৰে নভবা নিচিন্তা ঘটনা!

"অহ, কুলদীপ এইফালে আহচোন।" ওচৰৰে ভবানী বৰমাই মানুহখিনিৰ মাজৰ পৰা কুলদীপক মাতি লৈ গ'ল। গাৰ পৰা খহি যোৱা চেলেংখন গাটোত মেৰিয়াই থিয় হৈ ধুতিখন ঠিক কৰি মানুহখিনিৰ মাজৰ পৰা "অলপ আহিছোঁ" বুলি চাপৰি ওলাই আহিল। মূৰত মৰা বগা ফিটাডাল অলপ ধিলাই সি ভবানী বৰমাৰ ফালে আগবাঢ়িল। মানুহখিনিৰ মাজত ভদ্ৰতাৰ খাতিৰত বহি আছিল যদিও সি একেবাৰে তাত মন বহুৱাব পৰা নাছিল। ভবানী বৰমাই তাক মাতি আনি যেন ৰক্ষাহে কৰিলে।

"অই শুনচোন কুলদীপ। ভোজটো মংগলবাৰৰ সলনি বুধবাৰ কৰিব নোৱাৰিনে।"

"কিয় বৰমা?" 

"নহয় মানে বুধবাৰে ঈদৰ বন্ধ। চব অফিচ কাছাৰীও বন্ধ থাকিব। সেয়ে ভাবিলোঁ..."

"বৰমা এইটো মৎস্যস্পৰ্শৰ ভোজ। কেইজনমান মানুহ হ'লেও কথা নাই। মাত্ৰ আমাক জ্ঞাতি লগ লগাই ৰক্ষা কৰিলেই হ'ল।"

"নহয় মানে মংগলবাৰে অফিচ পাতিও খোলা। বহুতে আমিষো নাখায়। হ'ব বাৰু বৰতাৱৰক মই মহীধৰৰ লগত কথা পাতিবলৈ ক'ম।" বুলি কৈ বৰমাই লৰালৰিকৈ পিঠিৰ পৰা খহি যোৱা চাদৰখন উঠাই পাকঘৰৰ ফালে খোজ দিলে।

ভবানী বৰমা কুলদীপহঁতৰ একেবাৰে গাতে লাগি থকা ঘৰখনৰ। নিজৰ নহ'লেও একেবাৰে সিহঁতৰ নিজৰ বৰমাক বৰতাৱকতৈ কম নহয়। কুলদীপ অফিচলৈ যোৱাৰ সময়ত ঘৰত দালি ভাজিকণ হৈ ভাতকণ নহ'লে মাকে কেতিয়াবা ভাতবাটি বৰমাকৰ পৰাই আনি দিয়ে। এতিয়া কুলদীপৰ খুড়াকৰ মৃত্যুতো বৰমাকেই গোটেই চম্ভালি আছে। বৰতীয়াক খাবলৈ দিয়াৰ পৰা টোপোলা বুটলালৈকে কৰিছে। মহীধৰ কলিতাৰ ভায়েক গুণধৰ কলিতাৰ অকাল মৃত্যুটোক কোনোৱে সহজভাৱে ল'ব পৰা নাই। কলিতাৰ একমাত্ৰ মৰমৰ ভায়েক। কলিতানীয়েও বিয়া হৈ আহিয়েই দেৱৰেকক পাইছে। গিৰিয়েকতকৈ পোন্ধৰ বছৰৰ সৰু দেৱৰেকক খুউব মৰমত ডাঙৰ কৰিছে বৌৱেকে। তাত মাক নোহোৱা ল'ৰা আৰু কলিতানীৰ নিজৰ ভায়েক নথকা হেতুকে গুণধৰ দেৱৰেকৰ লগতে ভায়েকতকৈ কম নাছিল। 

ককায়েক বৌয়েকৰ মৰমত থাকি গুণধৰে বৰ বিশেষ একো কৰিব নোৱাৰিলে। উপাৰ্জনৰ পথ বুলিবলৈও নাই। সেয়ে বিয়াখনো নহ'লগৈ তেওঁৰ। বিয়া পাতিলে খোৱাব কি, ইনকাম নাথাকিলে ছোৱালী দিব কোনে সেইবোৰ ভাবি-চিন্তি থাকোঁতে ভতিজাক কুলদীপেই বিয়া-বাৰু পাতি সাংসাৰিক হ'ল। তাৰপিছত আৰু সেইবোৰ চিন্তা বাদেই দিলে। সেইদিনা দুপৰীয়া হঠাতে গাটো বেয়া লাগিছে বুলি শুই দিয়া গুণধৰ দুনাই নুঠিল আৰু। 

আজি চাৰিদিনৰ দিনা ওচৰৰ আৰু বংশৰে মানুহবোৰ আহি সকলো নিজৰ ভাগে ভাগে আলোচনা কৰিছেহি। এনেকৈ ৰাইজে হাত উজান দিলহে মৃতকৰ ঘৰখন উদ্ধাৰ হ'ব। ভবানী বৰমাই কোৱা কথাষাৰ মনতে দোহাৰি কুলদীপ দেউতাকৰ ওচৰ পালেগৈ। সেইসময়তে দেউতাকক বুট-মাহকেইটামান দিবলৈ বুলি বৰমাও সেইখিনিতে উপস্থিত হ'ল। কুলদীপ বৰমা আঁতৰি যোৱালৈ অপেক্ষা কৰি ভৰিৰ আঙুলিটোৰে মাটিত ৰভা খুটা বান্ধিবলৈ অনা ৰছী এডালকে ইফাল সিফাল কৰি থাকিল। বৰমাক যোৱাৰ পিছত আটাইখিনি কথা দেউতাকক কোৱাত দেউতাকে বৰ এটা গুৰুত্ব নিদি কথাটো পাতলাই থ'লে "দহোজনে দহটা ক'ব। সেইবোৰত গুৰুত্ব দি লাভ নাই।"

দেউতাকৰ কথা শুনি কুলদীপ আকৌ আগৰ জেগা পালেহি। আগৰ পাঁচ ছয়জন মানুহৰ ঠাইত এইবাৰ আৰু দুজনমান তাত যোগ হ'ল। কথাখিনি বৰ বিশেষ আগবঢ়া নাই। ঘনকান্ত খুড়াই লৈ থকা কাগজ টুকুৰাত এতিয়া মাছ-মাংস শব্দ দুটাৰ বাদে একো এটা আঁক পৰা নাই। সেইসময়তে ভবানী বৰমাহঁতৰ হৰি বৰতা আহি কোনোবা এজনৰ কাণত ফুচফুচাই কোৱা কথাষাৰ কুলদীপৰ কাণ দুখনে স্পষ্টকৈ শুনিলে। মানুহবোৰৰ আলোচনা শুনি কুলদীপৰ সেইসময়ত খুউব চিঞৰি হাঁহিবলৈ মন গ'ল। পুৱা নটামান বজাৰ পৰা এতিয়া বাৰটা বাজিল। মানুহো সেই গোটটোত দুগুণ বাঢ়িল। তথাপিও মাছ-মাংসৰ হিচাপৰ পৰা কোনো আগবাঢ়িবই পৰা নাই। কোনোবা এজনে কৈয়ে আছে বোলে " আদ্য শ্ৰাদ্ধটো দেওবাৰে নপৰি বেলেগ বাৰত পৰি ভোজটো দেওবাৰে পৰিব লাগিছিল। মানুহবোৰে আজিকালি লুচি ভাজিবোৰ খোৱাতকৈ ভাতকণ খাবলৈ বেছি ভালপায়। এতিয়া ভোজটো খোলা বাৰত পৰিল যেতিয়া মানুহ কিমান হয় কোৱাটো টান। গতিকে মাংসৰ হিচাপটোতো গণ্ডগোল হোৱাৰ আশংকা আছে।"

তেওঁৰ কথাত হয়ভৰ দি আন এজনে মাত দিলে "ময়ো সেইটো কথাই ক'ম বুলি ভাবিছিলোঁ। কিন্তু গৃহস্থই বা কি কয় সেই ভাবি মনে মনে ৰ'লো।"

 কুলদীপে কিবা এটা ক'বলৈও খঙতে কিবাকিবি ওলাই যায় বুলি খুউব ধৈৰ্যসহকাৰে সেইখিনিতে ৰৈ থাকিল। মানুহজনক ফুচফুচাই কিবা এটা কৈ হৰি বৰতা আৰু মানুহজন উঠি আহিল কুলদীপৰ ওচৰলৈ। সেইসময়তে মহীধৰ কলিতাও পুতেকৰ ওচৰ পালেগৈ। বাপেক পুতেক দুয়োকে একেলগে দেখি বৰতা আৰু মানুহজনে ভাল পোৱাৰ দৰে লাগিল। এইবাৰ কুলদীপক একো নকৈ বৰতাই কলিতালৈ চাই আৰম্ভ কৰিলে "বুইছ মহি, গুণ মোৰ নিজৰ ল'ৰাৰ দৰে আছিল। মানুহ বুলিলে পাগল। মানুহকো খুৱাই ভালপোৱা বিধৰ আছিল। আৰু বৌৱেৰে ৰন্ধা ছাগলী মাংসকণ যে ইমান ধুনীয়াকৈ খাইছিল। বৰ ভাল পাইছিল সি ছাগলী মাংস। গতিকে তাৰ মৰা সকামত ৰাইজক ভালকৈ মাংসৰে এসাজ নুখুৱালে তাৰ আত্মাই শান্তি নাপাব। সেয়ে এটা কাম কৰ নহ'লে, মংগলবাৰৰ ঠাইত বুধবাৰে মৎস্পৰ্শটো কৰি দে। অফিচবোৰো বন্ধ থাকিব, মানুহ আহিবলৈও ভাল পাব। আমাৰ লগতে বহুতে মংগলবাৰে নিৰামিষ খায়। আৰু তই ছাগলীৰ কথা একদম চিন্তা নকৰিবি। মই চিনাকি বেপাৰী এটা আজি মাতি পঠিয়াইছো। সি তাৰ লগত থকা খাহী, পাঠা দুটামানৰ চেম্পোল লৈ তোৰ ইয়ালৈ আহিব। তই মাত্ৰ চিলেক্ট কৰি দিলেই হ'ল।..."

বৰতাকে দেউতাকক বুজাই থকা কথাবোৰ শুনিবলৈ কুলদীপৰ আৰু শুনিবলৈ সৎ নগ'ল। "বিয়াৰ ৰিছেপচন নে বাৰ্থডেই পাৰ্টি পাতিছোঁ! হেৰৌ মৰা মানুহৰ সকামত জ্ঞাতি লগলগাই আমাক উদ্ধাৰহে কৰিব লাগে। তাৰকাৰণেও মানুহৰ ইমান হিচাপ নিকাচ।" কথাকেইটা কুলদীপে ক'ম বুলিও দেউতাকৰ মুখখনলৈ চাই মনে মনে থাকিল। তাৰ জনা আছে সি সেইষাৰ কোৱা মানে মানুহবোৰে তাক কি অৱস্থা কৰিব। নিজকে চম্ভালি লৈ সি গেটৰ ওচৰলৈ ওলাই আহি দেখিলে এটা পোন্ধৰ ষোল্ল বছৰীয়া ল'ৰাই সাত আঠটামান ছাগলী লৈ সিহঁতৰ গেটখন খুলি সোমাই আহিছে।

No comments: