Saturday, 27 August 2016

সন্তান


নাগেৰা, খোল-তালৰ শব্দ ভাঁহি আহিছে ওচৰৰ নামঘৰৰপৰা, অলপ পিছতেই নাম প্ৰসংগ আৰম্ভ হ'ব। গোটেইখন খোলে-তালে, চাকি-বন্তিয়ে মুখৰিত হৈ উঠিছে জন্মাষ্টমী। সৰু সৰু ল'ৰা-ছোৱালীবিলাকক দেখিবলৈ যে ইমান মৰম লগা হৈছে সকলো ৰাধা কৃষ্ণৰ ৰূপত। বৃন্দাবন যেন লাগিছে পৰিৱেশটো।


বিনিৰ ঘৰতো উখল-মাখল পৰিৱেশ, বিনি আৰু তাইৰ আঠমহীয়া ভায়েকো ৰাধা কৃষ্ণ ওলাই নামঘৰলৈ যাব। বিনিক লৈ চিন্তা নাই ভায়েকৰ কাৰণেহে দিগদাৰ, বৰ অশান্তি পাই সি কাপোৰ খোলা মেলা কৰি থাকিলে কিন্তু বিনিয়ে নেৰে যেনেকৈ হ'লেও সিহঁত দুয়ো ৰাধা কৃষ্ণৰ নিচিনাকৈ ওলাবই। ইমানদিনৰ পৰা কৈ থকা হেতুকে মাকে দুয়োলৈকে ৰাধা কৃষ্ণৰ কাপোৰ আৰু যি যত লাগে আগদিনাই বজাৰ কৰি থৈ দিছে।

বিনিৰ গাত তত্ নাই ৰাধা হ'ব লগতে এইবাৰ ভায়েকো থাকিব। আগৰ কেইবাৰ লগৰবিলাকে ভায়েক ভনীয়েকক লগত লৈ আনে আৰু তাই অকলে মাক-দেউতাকৰ লগত যায় কম দুখ লাগে নেকি তাইৰ। এইবাৰ তাইও দেখুৱাই দিব ভায়েকৰ লগত গৈ। মাকে ঘৰত জন্মাষ্টমীৰ আয়োজন কৰাৰ পৰা ভায়েকৰ লগত লাগিব লগা হোৱাৰ কাৰণে তাইৰ খবৰ ল'বলৈ আহৰি পোৱা নাই। অৱশ্যে তাইক লৈ চিন্তা নাই বুজি পোৱা হৈছে কথাবিলাক নিজেই নিজৰ কামখিনি কৰিব পাৰিব সেয়েহে মাকে আজিকালি বৰ বেছি তাইৰ লগত লাগি নাথাকে। তাইৰ মাজে মাজে ঠেঁহ নলগাও নহয় ভায়েক হোৱাৰে পৰা বোলে মাক-দেউতাকে তাইক মৰম নকৰা হৈছে। কিন্তু ভায়েকৰ হৃদয় জুৰোৱা হাঁহিটোৱে, তাৰ কোমল কোমল আঙুলিকেইটাৰ পৰশে তাইৰ সকলো ঠেঁহ পেছ নোহোৱা কৰি পেলাই।

ঘৰৰ জন্মাষ্টমীৰ কাম-বন কৰি ল'ৰাক উলিয়াই মেলি সাজু কৰোতেহে মনত পৰিল দুপৰীয়াৰ পৰা ছোৱালীজনী দেখা নাই দেখোন। ইমান সময় মাকৰ মনলৈকে অহা নাছিল, লগৰ ল'ৰা ছোৱালীৰ লগত ঘৰৰ তলতে থকা বুলি ভাবিছিল। বেলকনীলৈ ওলাই আহি তলত আছে নেকি চালে তাইৰ লগৰ কাকো নেদেখিলে। তেতিয়াহে লক্ষ্য কৰিলে কাম কৰা ছোৱালী জীনাও নাই দেখোন। জীনাৰ ফোনটোলৈ কল কৰোতে দেখিলে তাইৰ ফোনটো ঘৰতে আছে। বিনিৰ মাকৰ বুকুখন ঢিপিংকৈ মাৰিলে দুইজনী নোহোৱা হ'ল যে, নামঘৰলৈ ওলাই যোৱা দেউতাকৰ লগতো থাকিব পাৰে বুলি সন্দেহ কৰি খবৰ ল'লে কিন্তু তেওঁৰ লগতো যোৱা নাই। ইফালে বিনিয়ে জন্মাষ্টমীত পিন্ধিবলৈ অনা কাপোৰ তেনেকৈয়ে বিছনাতে পৰি আছে। লগৰ ছোৱালীৰ ঘৰত থাকিব পাৰে বুলি কেইবাঘৰতো খবৰ ল'লে কিন্তু ক'তো নাই। তেন্তে গ'ল কলৈ নাই বুলিয়েই নোহোৱা হ'ল যে আজিকালি যিহে দিনকাল পৰিছে, কিবা এটা ভাবি মাক চাদৰ ওপৰলৈ গ'ল। চাদৰ কোণা এটাত ধিমিক ধামাককৈ অহা জলি থকা মমডাল মাকৰ চকুত পৰিলে আৰু তাৰ কাষতে বিনি জীনা দুইজনী বহি থকা দেখা পোৱাতহে মাকৰ জীৱটো ঘূৰি আহিল। এনেকৈ বহি থকাৰ কাৰণটো কি জানিবলৈ সিহঁতৰ ওচৰলৈ যোৱাৰ আগতেই জীনাই আগতেই বিনিৰ মাকৰ ওচৰলৈ দৌৰি আহি ক'লেহি ' চাওকচোন বাইদেউ বিনিক মই টানি টানি ভিতৰলৈ নিব পৰা নাই, দুপৰীয়াৰে পৰা সুধি আছে কৃষ্ণই মোমায়েক কংসক কিয় আৰু কেনেকৈ মাৰিলে। মই ভালকৈ নাজানো কাৰণে ক'ব পৰা নাই আৰু নোকোৱালৈকে বোলে মোক ঘৰৰ ভিতৰলৈ যাব নিদিয়ে। আপোনাক সুধিবলৈ যাওঁতে বোলে ভাইটিক শুৱাই থকা কাৰণে পিছত ক'ম  বুলি পঠাই দিলে।' তেতিয়াহে বিনিৰ মাকৰ মনত পৰিল ভায়েকক শুৱাই থাকোতে তাই কিবা এটা সুধিবলৈ গৈছিল পিছত ক'ম বুলি তাইক ঘূৰাই পঠালে আৰু সেইটো কথাত ঠেঁহ লাগি চাগে এতিয়া জীনাৰ লগত লাগি আছে।

বিনিৰ মাকৰ কিয় জানো এনেকুৱা লাগিল ল'ৰাটো হোৱাৰ পৰা যেন তাইৰ প্ৰতি গুৰুত্ব অলপ হ'লেও কমি গৈছে।  জন্মৰ তিনি দিনৰ পৰাই যিজনী ছোৱালীক নিজৰ বুকুৰ মাজত ৰাখি নিজৰ পেটৰ সন্তানৰ দৰে ডাঙৰ দীঘল কৰিছিল এতিয়া সেইজনী ছোৱালীকে সঁচা মাতৃত্বৰ আনন্দত মতলীয়া হৈ আঁতৰাই পঠাইছে নেকি বাৰু? কথাটো ভাবি বিনিৰ মাকৰ নিজৰ ওপৰতেই ধিক্কাৰ জন্মিল, নাই নজনাকৈ যদি মৰমৰ ভাগ বাটোৱাৰা হৈ গৈছিল এনেকুৱা মাৰাত্মক ভুল তেওঁ কোনোপধ্যেই আৰু হ'বলৈ দিব নোৱাৰে। দুয়ো সন্তান তেওঁৰ বাবে সমান ইয়াৰ মাজত নিজৰ পৰৰ কোনো শব্দক আহিবলৈ দিব নোৱাৰে বুলি ঠেঁহ ধৰি থকা ৰাধেমা আৰু কানাই দুয়োকে ধুনীয়াকৈ সজাই পৰাই নামঘৰলৈ লৈ গ'ল।

No comments: