Wednesday, 4 January 2023

তানপুৰা

 : বেংকত তেত্ৰিশ বছৰ চাকৰি কৰিলোঁ, তিনিটাকৈ ল'ৰা-ছোৱালী ডাঙৰ কৰি সিহঁতক খুটি খাব পৰাকৈ গঢ় দিলোঁ। ভাবিছিলোঁ গোটেই জীৱন চাকৰি কৰি আমি ইজনে সিজনক চাকৰি কালত দিব নোৱাৰা সময়বোৰ অৱসৰৰ পিছত অতিবাহিত কৰিম। কিন্তু সেই মনৰ আশা মনতে মাৰ গ'ল....


একেৰাহে কথাখিনি কৈ যোৱা মানুহগৰাকীয়ে শেষৰ বাক্যটো সম্পূৰ্ণ কৰোঁতে মাতটো ঠোকাঠুকি হৈ পৰিল।

: বুজিছোঁ

মানুহগৰাকীৰ কাষতে বহি তেওঁৰ কথাখিনি খুউব মন দি শুনি থকা মানুহজনে গহীনকৈ মাতটো দিলে।

: কিয় এনে হয় আমাৰ জীৱনবোৰত? কেতিয়াবা সময়ৰ অভাৱ, কেতিয়াবা টকাৰ অভাৱ, কেতিয়াবা বিচৰা মানুহবোৰকে কাষত নাপাওঁ।

কথাকেইটা মানুহগৰাকীয়ে মানুহজনৰ চকুলৈ চাই কৈ শেষ কৰি আকৌ সন্মুখত বুলি থকা ফুলখিনিলৈ চাই ৰ'ল। অলপ সময় কাৰো মাত-বোল নাই। মানুহজনেনো কি বুলি দিব সান্ত্বনা। তেওঁৰোটো সেই একেই অৱস্থা। পিছে একো এটা নক'লে বেয়া হ'ব বুলিয়েই তেওঁ মাত লগালে,

: এৰাহ্। আমি বিচৰামতে জীৱনটোক সজাই ল'ব পৰাহেঁতেন এইএই দুখ, অকলশৰীয়া, আমনি এইবোৰ শব্দৰ লগত পৰিচয় হ'লহেঁতেন জানো!

মিছেছ অজন্তা দেৱী আৰু মিষ্টাৰ চিদানন্দ কাকতি বেলি লহিয়াবলৈ ধৰা সময়কণতে আজি প্ৰায় অলপ দিনৰ পৰা লগ হয়। প্ৰায় এক ডেৰ ঘণ্টা দুয়ো নিজৰ মনৰ কথাবোৰ পাতি কটাই দিয়ে। দুয়োৰে বয়স খুউব সম্ভৱ পয়ষষ্ঠি, সত্তৰৰ ওচৰা-ওচৰি হ'ব। তেওঁলোকক দেখাতে গম দুয়ো যে এটা সময়ত খুউব ধুনীয়া একোগৰাকী যুৱক-যুৱতী আছিল। সেই সৌন্দৰ্যৰ এতিয়াও ম্লান পৰা নাই। দুয়োগৰাকীয়ে বয়স অনুযায়ী হ'বলগা সচেতনতাৰ উচিত প্ৰয়োগৰ কাৰণে আজিও সেই ফিটনেছ বজাই ৰাখিব পাৰিছে।

: আজিৰ পৰা প্ৰায় বিশ বছৰ আগতে ছুগাৰে পালে।

নাকৰ তললৈ নামি অহা চছমাযোৰ কাকতিয়ে তৰ্জনী আঙুলিটোৱেদি ঠেলা মাৰি সঠিক স্থানত ৰাখি দেৱীলৈ নোচোৱাকৈয়ে ক'লে।

: মোৰ যে সেইবিধলৈ খুবেই ভয় লাগে দেই। ভগৱানক এতিয়াও খাটো যাতে মোৰ গালৈ চুগাৰ টুগাৰ এইবোৰ নিদিয়ে।

দেৱীয়ে তেওঁৰ সদোপৰিচিত মিচিকিয়া হাঁহিটো মাৰি উত্তৰ দিলে।

: হয়হে বৰ দিগদাৰ বুইছে, খাওঁ বুলিও ভালপোৱা বস্তুটো খাব নোৱাৰোঁ। কেতিয়াবা আকৌ মন কৰিলেও চাৰিওফালে চোৰাংচোৱাসোপা আছেই নহয়

বুলি এইবাৰ কাকতিয়ে অলপ ডাঙৰকৈয়ে হাঁহিটো মাৰিলে।

তেওঁলোকৰ পৰিচয়ৰ আৰম্ভণি বুলি ক'বলৈ গ'লে ফেচবুক বুলিয়েই ক'ব লাগিব। অথচ ঘৰ দুখনো প্ৰায় ওচৰা-ওচৰিয়েই। খালী গুৱাহাটীৰ মানুহ কাৰণে একেটা গলিতে অতবছৰ থাকিল যদিও কোনো কাৰো চকুত নপৰিল। বৰ্তমান সময়ৰ সামাজিক মাধ্যমৰ সুবিধাৰ কাৰণেহে মানুহে আজিকালি তেওঁলোকৰ ঘৰ আশে-পাশে থকা মানুহবোৰৰ লগত চিনাকি হোৱাৰ সুযোগ পাইছে। জু-তিনিআলি বাইলেন নং ২তে দুয়োৰে ঘৰ বুলি এদিন ফেচবুকৰ গ্ৰুপ এটাত কিবা এটা পোষ্টত দিয়া কমেণ্টৰ জৰিয়তেহে গম পালে। তাৰপিছত মিষ্টাৰ কাকতিয়ে নিজেই তেওঁলৈ ফ্ৰেঙ্ক ৰিকুৱেষ্ট পঠিয়ালে। অজন্তা দেৱীয়েও একচেপ্ট কৰি থ'লে যদিও তেওঁলোকৰ মাজত তেতিয়া বৰ বিশেষ একো কথা-বতৰাৰ হোৱা নাছিল। দেৱীয়ে কৌতুহলবশত: তেওঁৰ বায়' চাই যদিও বৰ বেছি তথ্য একো উদ্ঘাটন কৰিব নোৱাৰিলে। তেওঁ কি কৰে কি কথা একো উল্লেখ নাই। মাত্ৰ কভাৰ ফটোখন চাই অনুমান কৰিলে তেওঁ আৰু তেওঁৰ কাষত থকাগৰাকী পত্নী। খুব সম্ভৱ বিয়াৰ পিছৰে ফটো কোনোবা ষ্টুডিঅ'ত উঠা। ফেচবুকত মোবাইলৰে ফটো মাৰি আপলোড কৰিছে। টাইমলাইনত বেছি অকমানি এজনীৰে ফটো। খুব সম্ভৱ তেওঁৰ নাতিনীয়ে হ'ব। মাজে মাজে তেওঁ আৰু তেওঁৰ পত্নীৰ এলবামৰ পৰা উঠাই আপলোড কৰা ফটোও আছে।

: এয়া কাকতি ডাঙৰীয়া নহয়নে

পাচলি কিনি থকা কাকতিৰ হঠাতে কোনোবাই পিছফালৰ পৰা মাত দিয়া যেন পাই উভতি চাই অলপ দেৰি থমকি ৰয় তেওঁ। মানুহগৰাকীৰ মুখলৈ অলপ সময় চাই তেওঁ মোচডালৰ তলেৰে মিচিকিয়া হাঁহিটো মাৰি উত্তৰ দিয়ে,

: হয় হয় ঠিকেই ধৰিছে মিচেছ দেৱী

কাকতিৰ মাতষাৰত এইবাৰ অজন্তা দেৱীৰ হাঁহিটো আগতকৈ বেছিকৈয়ে বহলকৈ ওলাল। কাকতিয়ে বৰ বেছি দেৱীৰ টাইমলাইন ঘূৰা নাই যদিও তেওঁ ফেচবুকত দিয়া ফটোবোৰ নিউজফীডত দেখা পাই থাকে কাৰণে চিনি পোৱাত বৰ বেছি অসুবিধা নহ'ল।

: হেৰি নহয় ৰ'বচোন কেতিয়াও লগ নোপোৱা মানুহ এজনক আপুনি পিছফালৰ কেনেকৈ ঠিক ধৰিব পাৰিলেনো।

: এহ্, ফেচবুকত সদায় দেখি থকা মানুহ এজনকনো বাস্তৱত চিনি পোৱাত কি অসুবিধা।

দেৱীৰ কথাই এইবাৰ কাকতিক অলপ লাজত পেলালে। সদায় ফেচবুকত ফটো আপলোড কৰা কথাটোৱে এতিয়াহে যেন কাকতিক খোঁচটো মাৰি থৈ গ'ল।

: পাচলি কিনা হ'লনে? আৰু বাকী আছে?

এইবাৰ দেৱীয়ে নিজেই আকৌ এবাৰ মাত লগালে।

: অহ, হৈছে হৈছে। পইচাটো দি লওঁ।

বুলি কাকতিয়ে পকেটৰ পৰা ফোনটো উলিয়াই পাচলি বেপাৰীৰ স্কেনাৰত স্কেন কৰি তেওঁ পাবলগীয়া পইচাটো দি সেই ঠাইৰ পৰা ওলাই আহিল।

দুয়োয়ে নিজৰ নিজৰ বজাৰৰ মোনা দুখন লৈ এখোজ দুখোজকৈ ৰাস্তালৈ ওলাই আহিল। দুই এটা কথা-বতৰাৰ পাতি থকাৰ মাজতে কাকতিয়ে মাত লগালে,

: মই সেই গলিটোৰ সোঁফালে দুই নম্বৰত ঘৰটোতে থাকোঁ

ৰাস্তাৰ সিটো পাৰে থকা গলিটো আঙুলিয়াই দিব কাকতিয়ে নিজৰ ঘৰৰ পৰিচয়টো দিলে।

: ইচ্ছা, ময়োটো সেইটো গলিতে থাকোঁ, খালী অলপ আগলৈ যাব লাগে।

দেৱীয়েও তেওঁৰ নিজৰ ঘৰৰ ঠিকনাটো তেওঁক দিলে।

: আচৰিত, একেটা গলিতে থাকি কেতিয়াও দেখা মনত নপৰে।

কাকতিয়ে অলপ আচৰিত হোৱাৰ দৰে কথাকেইটা ক'লে। পিছে অজন্তা দেৱী নিৰ্বাক। তেওঁৰ মতে যেন এইটো কথাত আচৰিত হ'বলগীয়া একো নাই। একেখন ঘৰৰ মানুহৰ মাজতে যেতিয়া কেতিয়াবা দেখা সাক্ষাৎ নোহোৱাকৈয়ে দিনটো গুচি যায়, একেটা গলিৰ মানুহৰ মাজত চিনাকি নথকাটোনো কি বাঘৰ কথা! নিজৰ মনৰ ভাৱ প্ৰথম লগ পোৱা মানুহজনৰ আগত ব্যক্ত নকৰি দেৱীয়ে মাত লগালে,

: ঠিক আছে দিয়ক চিনাকি হ'লোঁ যেতিয়া লগ পাই থাকিম।

কাকতিয়েও হাঁহি এটা মাৰি মূৰটো জোঁকাৰি তেওঁৰ কথাত সন্মত হৈ দুয়ো এৰাএৰি হ'ল।

সেই প্ৰথম সাক্ষাৎটোৰ পিছৰ পৰা তেওঁলোকৰ মাজত লাহে লাহে কথা-বতৰাবোৰ বাঢ়িল। ফোন নম্বৰ সাল-সলনিৰ পিছত আৰম্ভ হ'ল সান্ধ্য ভ্ৰমণৰ অধ্যায়। দুয়ো দুয়োকে লগ পাই আকৌ এবাৰ প্ৰাণ পাই উঠিছে তেওঁলোকৰ মৰহি যাবলৈ ধৰা মনদুটি।

চিদানন্দ কাকতি বহুত বছৰ চিলিগুৰিত চাকৰি কৰি অৱসৰৰ পিছতহে নিজৰ ঘৰখনত ভালকৈ থাকিবলৈ পাইছে। চাকৰি কালচোৱা পত্নীসহ, ল'ৰাটোৰ সৈতে অফিচিয়েল কোৱাটাৰতে কটালে। তাৰ পৰাই ল'ৰাই পঢ়া-শুনা কৰিবলৈ বুলি ঘৰৰ পৰা যি ওলাই গ'ল, গ'লে ই আৰু। সেইবাবেই চাকৰি-বাকৰি পাই ঘৰ-দুৱাৰ পাতি ল'লে। তেওঁৰ ল'ৰা পঢ়িবলৈ বুলি ওলাই যোৱাৰ পিছত মাজে মাজে কাকতিৰ পত্নীয়ে অসন্তোষ কৰিছিল,

: সেইকাৰণে ভাবিছিলোঁ তিনিটামান সন্তান জন্ম দিওঁ। ভগৱানেনো কি বিচাৰ কৰিলে অত চেষ্টা চিকিৎসাৰ পিছতো এটা যি এটাতেই ৰ'ল।

তেতিয়া আকৌ কাকতিয়ে ধেমালিকে কৈছিল,

: হ'ব দিয়া সেইকাৰণে তুমি এতিয়াও ধুনীয়াজনী হৈ আছা। ল'ৰা পঢ়িবলৈ বুলি ওলাই গৈছে যাওক, আমিও ৰিটায়াৰমেণ্টৰ পিছত চাবাচোন কোনেও ৰখাব নোৱাৰে, গোটেই দেশ-বিদেশ ঘূৰি ফুৰিম।

কাকতিৰ কথাত শ্ৰীমতী কাকতিয়ে একো নামাতি সেমেকা হাঁহি এটা মাৰি থয়। পিচে কাকতিনীয়ে কাকতিৰ ৰিটায়াৰমেণ্টলৈ বাটেই নাচালে। তাৰ তিনিবছৰৰ আগতেই সাধাৰণ এটা অসুখতে এই সংসাৰৰ পৰা বিদায় ল'লে। সেই কাকতিক অকলশৰীয়া কৰি থৈ গ'ল, কাকতি অকলশৰীয়া হৈয়ে থাকিল। ল'ৰাই মাজে মাজে তেওঁৰ থকা জেগালৈ লৈ যায়, তেওঁহে বৰ বেছিদিন থাকিব নোৱাৰে ইমান আৱদ্ধ এটা পৰিৱেশত। সেয়েহে পোন্ধৰদিনৰ পিছতেই ঘৰলৈ আহিবলৈ হাহাকাৰ লগায়। ল'ৰাও চাকৰি এৰি, ছোৱালীজনীৰ স্কুল ক্ষতি কৰি ঘনাই আহি থাকিব নোৱাৰে। সেয়ে তেওঁকে লেপটপ এটা আৰু এণ্ড্ৰইড মোবাইল এটা কিনি দিছে তেতিয়াই মন যায় সিহঁতলৈ ভিডিঅ' কৰিবলৈ।

মোবাইলটো পাই কাকতি যথেষ্ট সুখী। বহুত কামত অহা বস্তু বিশেষকৈ ফেচবুকটোত লাগি থাকিলে সময়ে কোনফালে কেতিয়া ঢাপলি মেলে একো ক'ব নোৱাৰে। স্কুল, কলেজৰ লগৰবোৰৰ লগতো এতিয়া আকৌ সংযোগ স্থাপন হৈছে। তথাপিও ক'ৰবাত যেন তেওঁ অকলশৰীয়া। যিমান বন্ধু হ'লেও কাষতে বহি কাৰোবাৰ লগত দুআষাৰ পতা আৰু কিপেডত টাইপ কৰি কথা পতাৰ মাজত আকাশ পাতাল পাৰ্থক্য। মিছ কৰে তেওঁ কাকতিনীক বহুত। সেয়ে পুৰণি ফটোবোৰকে এলবামৰ পৰা ফটো মাৰি ফেচবুকত আপলোড কৰি থাকে।

লাহে লাহে কাকতি আৰু অজন্তা দেৱীৰ মাজত বন্ধুত্ব বাঢ়িল। হুৱাটছআপ নম্বৰত সাল-সলনিৰ পিছত আজিকালি প্ৰায়ে তেওঁলোকৰ মাজত হুৱাটছআপ চ্চাটতে কথা-বতৰাৰ হয়। এদিন তেনেকৈ কথা-বতৰা পাতি থকাৰ মাজতে কাকতিয়ে প্ৰস্তাৱ দিলে,

: এনেও খোজকাঢ়িবলৈ যায়েই যেতিয়া, আহক একেলগে আবেলি খোজকাঢ়িবলৈ লওঁ। লগ পোৱাও হ'ব, লগে-ভাগে একাপ চাহ খোৱাও হ'ব।

কাকতিৰ প্ৰস্তাৱটো অজন্তা দেৱীয়ে বৰ বেয়া নাপালে। অকলে অকলে খোজকাঢ়িবলৈ যোৱাতকৈ লগ এটা হ'লে ভালো লাগিব। অন্তত: দিনটো ঘৰতে সোমাই থাকি আবেলি ওলাই গৈ কাকতিৰ লগ পোৱাৰ লগতে আৰু চিনাকি যদি দুই এজনক পাই ভাল লাগিব। এনেও অজন্তা দেৱী আছিল মানুহ ভালপোৱা মানুহ। সৰুৰে পৰা যৌথ পৰিয়ালত ডাঙৰ হোৱা দেৱী বিয়া হৈ আহি একেবাৰে সৰু পৰিয়াল এটাত সোমাবলগীয়া হোৱাত অলপ অসুবিধা পাইছিল। অৱশ্যে তেওঁ এইবিষয়ে তেওঁৰ স্বামী সত্যব্ৰত বৰুৱাক নোকোৱাও নহয়। তেতিয়া তেওঁ হাঁহিটো মাৰি কৈছিল,

: হ'ব দিয়া গোটেই দিনটো দেখোন বেংকত মানুহ চম্ভালোঁতেই যায়, ঘৰত আহিওনো কিমান চম্ভালিবা।

অকল শাহুৱেকজনীৰ সৈতে গিৰিয়েক সত্যব্ৰত বৰুৱা মানুহ বুলিবলৈ ঘৰখনত। সেয়ে অজন্তা দেৱীয়েও ধেমালিকৈ কৈছিল,

: হ'ব, তোমাৰ মাৰা-দেউতাৰাই এটা সন্তান জন্ম দি যি ভুল কৰিলে মই নকৰোঁ। অন্তত: তিনিটা হ'লেও জন্ম দিম।

অজন্তা দেৱীয়ে নিজৰ কথা ৰাখিলেও। মানুহ ভালপোৱা মানুহজনীৰ কাষত এতিয়া মানুহৰ অভাৱ। তিনিটি সন্তানৰ মাতৃ হৈয়ো অকলশৰীয়া তেওঁ। কেতিয়াবা দুখ কৰে "তিনিটাৰ কোনোবা এটা পঢ়াত অলপ কেঁচা হোৱা হ'লেওহেঁতেন চাগে তেওঁৰ কাষত থাকিলহেঁতেন"। তাৰপিছতে মনটোক নিয়ন্ত্ৰণ কৰি নিজকে বুজায় তেওঁৰ নিজৰ স্বাৰ্থৰ কাৰণে উৰিবলৈ বিচৰা ল'ৰা-ছোৱালীকেইটাৰ পাখিকেইখন কাটি দিব নোৱাৰে নহয়। কোনোবা সময়ত গিৰিয়েকলৈও অভিমান হয়। সদায় অজন্তা দেৱীয়ে তেওঁক সময় নিদিয়ে বুলি অভিমান কৰি মুখখন ওফন্দাই থাকে। যেতিয়া তেওঁ সময় দিব পৰা হ'ল তেতিয়া আকৌ তেঁৱেই নাথাকিল কাষত।

একেলগে খোজকাঢ়িবলৈ লোৱাৰ পৰা অজন্তা দেৱী আৰু চিদানন্দ কাকতি আজিকালি প্ৰায়ে লগ পায়। লগতে তেওঁলোকৰ দৰে অৱসৰপ্ৰাপ্ত আন তিনি চাৰিজনকো লগ পায়, এতিয়া এটা ভাল গ্ৰুপ গঠন হৈছে। একেবাৰে এৰাব নোৱাৰা কাম থাকিলেহে লগ হোৱাটো বাদ পৰে। খোজকাঢ়িবলৈ লোৱাৰ পৰাই দুয়োজনেই ইজনে সিজনৰ কথাবোৰ লাহে লাহে গম পোৱা হ'ল। এতিয়া সকলোবোৰ কথাই ইজনে সিজনক শ্বেয়াৰ কৰে। যিমানখিনি কথা তেওঁলোকৰ মাজত ভাগ-বতৰা হ'ল, তাৰ পৰা গম পোৱা গ'ল দুয়ো একে নাৱৰে যাত্ৰী। তেওঁলোক দুজন বুলিয়েই নহয় তেওঁলোকৰ বয়সৰ প্ৰায়বোৰৰে অৱস্থা একেই।

এদিন কাকতি আৰু দেৱীকে ধৰি, আৰু দুই এজনে কথা পাতি খোজকাঢ়ি গৈ থাকোঁতে কোনোবা এজনে প্ৰস্তাৱ দিলে,

: ব'লক নহ'লে এৰাতি ক'ৰবাত থাকি আহো‌ঁ। বহুতদিন ক'তো তেনেকৈ যোৱাই নাই।

তেওঁৰ প্ৰস্তাৱটোত কাকতি বৰ বেয়া নাপালে। সদায়নো কিমান অকলশৰীয়া ঘৰখনত সোমাই ৰান্ধনী কমলে আবেলিতে ৰান্ধি থৈ যোৱা ভাতবোৰ গৰমাই খাবগৈ। তেওঁ কথাটোত একেষাৰতে মান্তি হৈ মাত লগালে,

: আইডিয়াটো বঢ়িয়া। পিচে এনেকুৱা এটা জেগা চোৱাহঁক য'ত আমি নিজেই ৰান্ধি-বাঢ়ি খাই ফূৰ্তি কৰিব পাৰোঁ।

কাকতিৰ প্ৰস্তাৱটোত অজন্তা দেৱীৰ বাহিৰে আটাইকেইজনে চিঞৰি উঠিল,

: বঢ়িয়া এতিয়া তাৰিখ আৰু জেগাটো ঠিক কৰক।

লগে লগে কোনোবাই "কাজিৰঙা", কোনোবাই "মানাহ" কোনোবাই "টাৱাং" ইত্যাদি ইত্যাদি ঠাইৰ নাম ল'লে। একেবাৰে মনে মনে থকা দেৱীলৈ চাই কাকতিয়ে মাত লগালে,

: আপুনিও কিবা এটা কওকহে দেৱী?

কাকতিৰ মাতত দেৱীয়ে মাত লগালে,

: মোৰনো ক'ত যোৱা হ'ব। আপোনালোকেই যাওক ফূৰ্তি কৰি আহকগৈ।

দেৱীৰ কথা শুনি লগতে থকা আনগৰাকী মহিলাই টপককৈ মাত দিলে,

: এনেকৈ আপোনাক এৰি নিদিওঁ নহয়। আমি চব যাম। ফূৰ্তি কৰিম।

তেওঁৰ কথাত সকলোৱে হয়ভৰ দি সেইদিনাৰ কাৰণে এৰাএৰি হ'ল। আচলতে অজন্তা দেৱীৰ যাবলৈ মন নথকা নহয়, কিন্তু ল'ৰা-ছোৱালীকেইটাই বা অনুমতি দিয়েনে নাই যাবলৈ! সিহঁতে ভয় কৰে ক'ৰবাত পৰি-ধৰি যদি কিবা হয়। তেওঁৰ মনৰ কথাখিনি কাকতিৰ আগত ব্যক্ত কৰাত তেওঁ হাঁহিটো মাৰি উত্তৰ দিলে,

: হ'ব আমি থাকিম নহয় লগত, পৰিলে ধৰিলে উঠাম দিয়ক ধৰি-মেলি।

কাকতিয়ে কথাষাৰ ধেমালিকৈ ক'লে যদিও দেৱীৰ মনত দ'লৈকে শিপালে। "হ'ব যাহ, যি হয় দেখা যাব। আগতে চাকৰি ল'ৰা-ছোৱালীৰ দায়িত্বৰ কাৰণে ক'তো যাব নোৱাৰিলোঁ।" বুলি দেৱীয়েও তেওঁৰ কথাত সন্মত হৈ যাবলৈ যো-জা চলালে।

আলোচনাৰ এসপ্তাহৰ পিছতে তেওঁলোকে কাজিৰঙাকে গন্তব্যস্থল হিচাপে লৈ দিনটো ঠিক কৰিলে। গ্ৰূপটোৰ স্মাৰ্ট দুজনমানে ইণ্টাৰনেটতে চাই-চিতি কেম্প কৰি নিজেই ৰান্ধি-বাঢ়ি খাব পৰাকৈ জেগা এটুকুৰা বাচি উলিয়ালে। এই ট্ৰিপটোত যেন তেওঁলোকে তেওঁলোকৰ যুৱকালচোৱাহে ঘূৰাই পালে। গুৱাহাটীৰ পৰা কাজিৰঙালৈ কৰা যাত্ৰাটোতহে ওলাল কাৰ কাৰ কিমান প্ৰতিভা লুকাই আছিল। ইমান দিন কথা পতাৰ পিছত সেইদিনাহে কাকতিয়ে গম পালে অজন্তা দেৱীয়ে যে ইমান সুন্দৰ গান গায়। এইবোৰ প্ৰতিভা তেওঁৰ বিয়াৰ পিছলৈকেই আছিল। তিনিটাকৈ ল'ৰা-ছোৱালী, চাকৰি এইবোৰৰ মাজত যেন ক'ৰবাত হেৰাই গৈছিল। বহুত বছৰৰ মূৰত তেওঁৰ কণ্ঠৰ প্ৰশংসা সকলোৰে মুখত শুনি তেওঁৰ স্বামীৰ অভিমান ভৰা কথাষাৰ মনত পৰি গ'ল,

: আজিকালি তোমাৰ ইহঁতৰ লগত লাগি থাকোঁতে মোক গান শুনাবলৈও পাহৰিলা।

ইমানখিনি মানুহৰ মাজত পটককৈ গিৰিয়েকৰ মুখখনে অগা-দেৱা কৰিবলৈ ল'লে। "কি কৰিবা যেতিয়া সময় পালোঁ, তেতিয়া তুমি নাই" বুলি দেৱীয়ে নিজকে কোৱাৰ দৰে মনতে কথাষাৰ ক'লে।

খুউব ফূৰ্তিৰে তেওঁলোকৰ কাজিৰঙা ট্ৰিপটো পাৰ হ'ল। কাকতি যে এসময়ত পাকৈত ৰান্ধনী আছিল প্ৰমাণ ওলাল। এটা ৰাতি কাজিৰঙাৰ কেম্পত কটাই, পিছদিনা শিৱসাগৰখন একেবাৰে ঘূৰি তেওঁলোক ঘৰমূৱা হ'ল।

ইমান ৰাতিপুৱাই ফোনটো বজাত অজন্তা দেৱীৰ টোপনি ভাঙিল। চকামকা টোপনিতে ফোনটো কাণত লওঁতেই সিফালৰ পৰা মাত আহিল,

: হেল্লৌ মা

: অঅঁ মুকু ইমান ৰাতিপুৱাই ফোন কৰিলি

: অঅঁ এই দুদিন তোমাক ফোন কৰি আছোঁ তোমাৰ ফোন আনৰিচ্ছেবল।

বেংগালুৰুত থকা ডাঙৰ ল'ৰা মুকুৰ কথাকেইটা শুনি দেৱীৰ টোপনি ভাঙিল।

: অঅঁ তহঁতক ক'বলৈকে নহ'ল, লগৰ কেইজনমানৰ লগত কাজিৰঙা, শিৱসাগৰ ফুৰিবলৈ গৈছিলোঁ।

মাকৰ কথাকেইটাত মুকু অলপ সময় ৰৈ থাকি মাত লগালে,

: ঠিক আছে মই দুদিন পিছতে ঘৰ গৈ আছোঁ, গৈ ভালকৈ কথা পাতিম।

মুকুৰ ফোনটো থৈ অজন্তা দেৱী অলপ সময় তেনেকৈয়ে পৰি থাকিল। যোৱা দুদিন কটাই অহা দিনকেইটাৰ কথাকে তেওঁ ভাবি আছে। সত্যব্ৰত বৰুৱাৰ মৃত্যুৰ পিছত অজন্তা দেৱীৰ এনেকুৱা লাগিছিল তেওঁৰ জীৱনটো হঠাৎ ৰৈ গ'ল। বেংকত থকা সময়খিনিহে তেওঁক এৰি থাকিছিল। কেতিয়াবা মাকৰ ঘৰলৈ গ'লেও তেওঁৰ লগতে গৈ তেওঁৰ লগতে আহিছিল। এনেকৈ যে সদায় একেলগে থকা মানুহ এজনে হঠাৎ চিৰদিনলৈ কাষৰ পৰা নোহোৱা হৈ যাব দেৱীয়ে মানি ল'ব পৰা নাছিল। স্বামীৰ মৃত্যুৰ পিছত আমেৰিকাত থকা জীয়েক লুকু, ডাঙৰ ল'ৰা মুকু, অষ্ট্ৰেলিয়াত থকা সৰুটো ল'ৰা পাকু গোটেইকেইটা ল'ৰা-ছোৱালীয়ে তেওঁক লগ লৈছিল সিহঁতৰ লগত যাবলৈ। তেওঁ পিচে ঘৰখন এৰি যাবলৈ মন নকৰিলে। গ'লেও সত্যব্ৰত বৰুৱাৰ মৃত্যুৰ এবছৰৰ পিছত যাব তাকো দুটামান চৰ্ততহে। ছমাহতকৈ কাৰো ঘৰত বেছিকৈ নাথাকে। তেওঁ সেইমতেই গোটেইকেইটাৰ ঘৰত তেনেকৈ থাকি আহি ঘৰখন পাইহে শান্তি পাইছিল। যিমান হ'লেও নিজেই পাতি লোৱা ঘৰখন এনেকৈ এৰি থৈ ক'তো তেওঁ শান্তিৰে থাকিব নোৱাৰে। সেই লৈ ল'ৰা-ছোৱালীকেইটাৰ লগত লাগেও। তেওঁৰ এটাই কথা "যেতিয়া একেবাৰে ঘূৰি ফুৰিব নোৱাৰা অৱস্থা হ'ব তেতিয়া থাকিবগৈ সিহঁতৰ লগত।" যদিও সিহঁতৰ লগত দেৱীয়ে যাবলৈ মন নকৰে, কিন্তু অকলশৰীয়া অনুভৱটো ঠিকেই কৰে। শেষত তেওঁৰ জীৱনটো আকৌ যাপন কৰিবলৈ শিকালে এই নতুন বন্ধুবোৰে।

: মই এসপ্তাহ থাকিম, তাৰপিছত তোমাক একেবাৰে লৈ যামগৈ।

দুপৰীয়া ভাত খাবলৈ বহা মুকুৱে মাকে একো নুসোধাকৈয়ে কথাটো উলিয়ালে।

: এইবাৰ নাই-নুই নহ'ব। মই এই এসপ্তাহত ঘৰটো কিবা এটা গতি লগাই দি লৈ যাম তোমাক।

মুকুৰ কথাকেইটা শুনি মুখলৈ ভাত এটেপা নিবলৈ ধৰা অজন্তা দেৱীৰ হাতখন আধাতে ৰৈ গ'ল। মুকুৰ কথাকেইটা শুনি তেওঁৰ বুকুখন ক'ৰবাত মোচৰ খাই গ'ল। কিবা এটা ক'ম বুলিও তেওঁৰ মুখেৰে একোকে নোলাল। হয় তেওঁৰো মন যায় ল'ৰা-ছোৱালী, নাতি-নাতিনীৰকেইটাৰ লগত সময় কটাবলৈ। কিন্তু চিৰদিনৰ কাৰণে সত্যব্ৰত বৰুৱা আৰু তেওঁ মিলি বনোৱা ঘৰখন বেলেগ মানুহৰ হাতত এৰি নিঠৰুৱা কৰি থৈ যাবলৈ তেওঁৰ মনে নকয়।

: দুদিন ধৰি ফোন নাই, কিমান চিন্তা হৈছিল তুমি জানা জানো। শেষত সাৱিত্ৰীবাৰ ফোনত ফোন কৰিহে গম পালোঁ তুমি বোলে কিবা ট্ৰিপত গৈছা। আজিকালি নতুন বন্ধু-বান্ধৱীও বোলে বহুত হৈছে, সেইকাৰণে আমাৰ লগত থাকিবলৈ যাবলৈ মন নকৰা। পিছত কিবা এটা হ'লে মানুহেতো আমাকেই দোষিব। এনেকৈ থকাতকৈ এইবোৰ কাৰোবাক ভাড়া দি ব'লা মোৰ লগত। যেতিয়ালৈকে ভাড়া নোপোৱা, তেতিয়ালৈকে সাৱিত্ৰীবাকে দায়িত্ব দি থৈ যাবা ঘৰখন চোৱা-চিতা কৰিবলৈ।

ভাত খাই থকাৰ পৰাই মুকুয়ে একে উশাহেৰে কৈ যোৱা কথাখিনিৰ শেষৰ কথাখিনিয়ে অজন্তা দেৱীৰ বুকুখনত শেলে বিন্ধাদি বিন্ধিলে। তাৰ কথাবোৰ তেওঁৰ কিবা এটা ভাল নালাগিল। "নতুন বন্ধু-বান্ধৱী", "মানুহে দোষিব" এইবোৰৰ প্ৰতিটো শব্দই তেওঁক হানি থৈ গ'ল। দেৱীয়ে সেই মূহুৰ্তত কি কৰিব একো ভাবি নাপালে। সত্যব্ৰত বৰুৱাৰ মৃত্যুৰ পিছত জীৱনৰ বাট হেৰুৱাই থমকি ৰোৱা মানুহগৰাকীয়ে জীৱনটো আকৌ চলাবলৈ লোৱাৰ সময়তে এই সকলোবোৰ এৰি থৈ একেবাৰে যাবগৈ পাৰিবগনৈ! আধা খোৱাকৈয়ে ভাতৰ পাতৰ পৰা ঠালিখন লৈ উঠি গৈ পাকঘৰৰ বেচিনটোতে বাচন দুই থকা বনকৰা ছোৱালী সাৱিত্ৰীৰ ওচৰত ঠালখন দি ভিতৰ পালেগৈ। কিয় জানো আজি তেওঁৰ কতযুগীয়া তানপুৰাখন হাতত তুলি ল'বলৈ মন গ'ল। হাতত তানপুৰাখন ল'লেই সত্যব্ৰত বৰুৱাই গম পাই গৈছিল অজন্তা দেৱীৰ যে কিবা কথাত বাৰুকৈয়ে দুখ লাগিছে।

Wednesday, 14 December 2022

লগ পাম তোমাক ইপাৰে!

আইতা.....

সৱিতা.....
আইতা.....
সৱিতা.....
দহবছৰীয়া নাতিনীয়েক জিয়াই যিমান জোৰেৰে চিঞৰিছে ককাকে লগে লগে সমানে ঘৈণীয়েকৰ নাম ধৰি চিঞৰিছে। এইসময় সিহঁতৰ বাবে খুউব ধুনীয়া। ককাক আৰু নাতিনীয়েকৰ সময়।
আবেলি প্ৰায় চাৰিটামান বজাত জিয়াই ককাকক লৈ ওলাই যায় সিহঁতৰ ঘৰৰ পৰা অলপ দূৰৈত থকা পাৰ্কখনৰ ওচৰলৈ। তাতেই দুয়োটাই এক, ডেৰঘণ্টামান কটাই আকৌ ঘৰলৈ উভতি আহে। জিয়াৰ দেউতাকে ককাক একেবাৰে সিহঁতৰ ঘৰলৈ লৈ অনাত তাইৰ বিৰাট ফূৰ্তি। অন্তত: এতিয়া তাইৰ লগত সকলো সময়তে থাকিবলৈ কোনোবা এজন আছে। তাইৰ মাক-দেউতাকেও ভাল পাইছে তেওঁলোকেও তেওঁলোকৰ দুয়োৰে কামত অলপ বেছি সময় দিব পাৰিব।
: ব'লা আজি আমি আইতাক চিঞৰি চিঞৰি মাতিম
ককাকৰ হাতত ধৰি ঘৰৰ গেটখন খুলি ওলাই অহা জিয়াই ককাক উদ্দেশ্যি ক'লে।
: আইতা, ক'ত আইতা?
তাইৰ কথাকেইটা শুনি হঠাৎ অস্থিৰ হৈ ককাকে তাইক সুধিলে।
: ব'লা আমি গৈ আছোঁ আইতাৰ ওচৰলৈ
জিয়ায়ো ককাকৰ কথাত মূৰটো জোঁকাৰি কথাটো কৈ তেওঁৰ হাতত ধৰি ফুটপাথটোত উঠিলগৈ।
দুয়ো গৈ পাৰ্কখনৰ ভিতৰলৈ সোমাই গৈ খালী হৈ থকা বেঞ্চ এখনতে বহিলগৈ।
: ককা চোৱানা বেলিটোলৈ
জিয়াই তাইৰ সোঁহাতখন পঠালিকৈ তাইৰ চেলাউৰিযোৰৰ ওপৰত ৰাখি মূৰৰ ওপৰৰ পৰা লাহে লাহে তললৈ নামিবলৈ ধৰা বেলিটোলৈ চাই ককাক ক'লে।
: হমম সৱিতাই বেয়া পাইছিল
: কি বেয়া পাইছিল
: অস্ত যোৱা বেলিটোলৈ চায়।
'অস্ত যোৱা' মানে বুলি মুখৰ ভিতৰতে কৈ নখটো কামুৰি জিয়াই ককাকক সোধে যদিও ককাকৰ পৰা একো উত্তৰ নাহিল।
: অ'কে বুজিলোঁ। ককা কোৱানা আইতাৰ লগত তুমি আগতে ক'ত ক'ত ফুৰিব গৈছিলা?
এনেকৈয়ে নাতিনী জিয়াই সদায় ইটো সিটো সুধি ককাকক ব্যতিব্যস্ত কৰি থাকে। কেতিয়াও ব্যতিক্ৰম নহয়। তাই জানে ককাকে আইতাকৰ অভাৱ যে প্ৰত্যেক মুহূৰ্ততে অনুভৱ কৰে। সেয়ে আইতাকৰ কথা সোধাকে সুধি থাকিলেও ককাকে আমনি নাপায়।
সদায় লেপটপ, মোবাইল লৈ নিজৰ নিজৰ কামত ব্যস্ত থকা মাক-দেউতাক দুয়োটাকে একেলগে পাবলৈ জিয়া আজিকালি আগৰ দৰে উদগ্ৰীৱ হৈ নাথাকে। কেৱল চাগে পাঁচ মিনিটৰ কাৰণে মাক-দেউতাকক তাই একেলগে পাই তাইৰ স্কুলৰ পেৰেণ্ট-টিচাৰ মীটত। দেউতাকটো প্ৰায়েই ইখন চহৰ, সিখন চহৰ অফিচৰ কামত ঘূৰিয়েই থাকিবলগীয়া হয়। পুৱাই ওলাই গৈ সন্ধিয়া ভাগৰে-জুগৰে ঘৰ সোমোৱা মাকৰো দিনটোত ককাকে কৰি থোৱা কিছুমান কাণ্ড দেখিলে খংটোৱে টিঙিচকৈ মাৰে। তথাপিও জিয়া আৰু শহুৱেকৰ মুখলৈ চায়েই খংটো দমাই থয়।
: ককা কোৱানা আইতাক ফাৰ্ষ্ট কেনেকৈ লগ পাইছিলা?
জিয়াই জানে ককাকে আইতাকৰ কথাবোৰ সুধিলে যিমান উৎফুল্লিত হৈ উত্তৰবোৰ দি যায়। বাকী কথাবোৰ সুধিলে ক'ৰবাত খোকোজা লাগে। আনকি দেউতাকৰ সৰু কালছোৱাৰ কথাবোৰতো ককাক আপোনপাহৰা হৈ উঠে। সেইদিনা ককাকক আইতাকক প্ৰথম লগ পোৱাৰ কথা সুধোঁতে ককাকৰ মুখত ফুটি উঠা উজ্জ্বল আভাখিনি জিয়াই বুজি নাপালেও কাষতে বহি কিবা কাম কৰি থকা মাকে ঠিকেই মন কৰিছিল। তেতিয়া আকৌ তেওঁৰ মনটোৱে কোনোবাখিনিত সুখ অকণ বুটলিছিল। তেওঁলোকে দিব নোৱাৰা সময়খিনি ককাক নাতিনীয়েক দুয়ো দুয়োৰে মাজত ভগাই ল'ব পাৰিছে। সেয়ে ৰাতি শুৱাৰ সময়ত মাকে উলিয়াও বুলিয়েই উলিয়াইছিল,
: জিয়া আইতাক ককাই কেনেকৈ লগ পাইছিল?
মাকৰ প্ৰশ্নটোত জিয়াই ককাকৰ সমানেই আনন্দ পাইছিল অন্তত: মাকে নিজৰ কাম এৰি তাইৰ কথা শুনিবলৈ বিচাৰিছে।
তেতিয়া ককাক চলফলীয়া এজন যুৱক। প্ৰথম চাকৰি পোৱাৰ পিছত ঘৰলৈ আহিছিল এসপ্তাহৰ ছুটিত। কোনোবা এটা পুৱা তেওঁৰ দেউতাকৰ খুউব ভাল লগৰ এজন আহিছিল তেওঁলোকৰ ঘৰলৈ আহিছিল এপাক খবৰ-খাতি কৰি যাওঁ বুলি। তেওঁৰ চাইকেলৰ কেৰিয়াৰতে বহি আহিছিল চৈধ্য পোন্ধৰ বছৰীয়া ছোৱালী এজনী। ছোৱালীজনীৰ পিন্ধনত এটা ফুটফুটীয়া ফ্ৰক, ৰঙা ফিটাৰ সৈতে দুফালে দুডালি বেণী, ভৰিত এযোৰ নীলা হাৱাই চেন্দেল। চোতালতে বহি দেউতাকহঁতৰ লগত কথা পাতি থকা তেওঁৰ চকু বাৰে বাৰে ছোৱালীজনীৰ মৰমলগা মুখখনে টানি নিছিল। তেওঁলোক গুচি যোৱাৰ পিছতো তেওঁৰ সেই মুখখন বাৰে বাৰে মনত পৰি থাকিল। তেওঁৰ আকৌ মাকে মনতে ভাবি থৈছিল এইবাৰ আহোঁতেই বিয়াখনৰ কথা উলিয়াব। ক'ৰবাত যদি নিজেই ঠিক-ঠাক কৰি থৈছে ক'ব লাগে, নহ'লে মাকহঁতে বিচাৰ-খোচাৰ কৰিব। সেইখিনিতেই সুযোগটো বুজি তেওঁ মনৰ কথা ক'লে আৰু পিছৰবাৰ ছুটিত আহোঁতে মৰমলগা মুখৰ অধিকাৰিণী তেওঁৰ ঘৰৰ লখিমী হ'ল।
: মা শুনাচোন ককাই সেইখন ঘৰলৈ যাবলৈ বিচাৰিছে।
জিয়াৰ মূৰত হাত বোলাই তাই কৈ থকা কাহিনী শুনি থকাৰ পৰাই মাকে মাত লগালে,
: কোনখন ঘৰ?
: তেওঁ চাকৰি কৰোঁতে থকা ঘৰখন, য'ত তেওঁ আইতাক বিয়া কৰাই লৈ গৈছিল।
জিয়াৰ কথাত মাকে কিবা এটা বুজি পাই মাত দিলে,
: তুমি এটা কাম কৰিবা, ককাক কাইলৈৰ পৰা ককাই কৰি ভালপোৱা কামবোৰ কৰিবলৈ দিবা।
মাকে যেন জিয়াক এক ডাঙৰ দায়িত্বহে সঁপি দিলে। মাকৰ কথাই জিয়াৰ সেই অকমানি মনটো চুই গ'ল "অন্তত: মাকহঁতে এতিয়া আৰু তাইক দহবছৰীয়া সৰু ছোৱালীজনী বুলি ভাবি থকা নাই।"
সেইদিনাৰ পৰা তাইৰ দায়িত্ব বাঢ়িল। স্কুললৈ যাওঁতে ককাক কিবাকিবি কৰিবলৈ দি যায়, ঘূৰি আহি তাই পৰীক্ষা কৰে। প্ৰায়বোৰ কামেই যদিও মাকলৈ আহুকালহে মাতে, জিয়াই কাণ্ড-কাৰখানাবোৰ চাই আনন্দ পাইছে। বেয়া হোৱাখিনি শিকাই দিয়ে। ককাকেও সৰু ল'ৰাটোৰ দৰে মূৰটো জোঁকাৰি শলাগি থয়। এদিন তাই ককাক তাইলৈ এখন চিঠি লিখিবলৈ দি থৈ গ'ল। স্কুলৰ পৰা আহি দেখিছে গোটেই বহীখনত আঁকি বাঁকি, মাজে মাজে দুই এটা পাতো ফালি থৈছে। তাকে দেখি তাই সিহঁতৰ ঘৰত কাম কৰা অনিতাবাক সুধোঁতে ক'লে যে বাৰে বাৰে মুখেৰে ভোৰভোৰাই কিবা কয় আৰু লিখিবলৈ চায়। লিখিব নোৱাৰি সেইবোৰকে কৰি কান্দিছে চিঞৰি চিঞৰি। তাই ককাকৰ অৱস্থাটো দেখি নিজেই বহী এখনেই, পেন এটাই আনি ককাকৰ কাষতে বহি ক'লে,
: তুমি কৈ যোৱা মই লিখি যাম।
"মৰমৰ গোঁসানী,
মোৰ ভাল। আশাকৰোঁ তোৰ ভাল। তোলৈ মোৰ খুউব মনত পৰে। চিঠি এখন লিখিম বুলিও... আজিকালি পাহৰি যাওঁ নেকি কথাবোৰ... অহ, মোৰ পেনটো তোৰ দেউতাৰে চুৰ কৰি...। গোঁসানী...ভালকৈ থাকিবি। ককা তোৰ লগত সদায়..."
ঘেঁহাই ঘেঁহাই, থোকুথুকি মাতেৰে ককাকে কৈ যোৱা কথাকেইটা জিয়াই জিয়াই বুজি বুজি লিখোঁতে অলপ সময় ল'লে। তলত মূৰ কৰি একান্ত মনেৰে চিঠিখন লিখি যোৱা জিয়াই শেষৰ শব্দটোলৈ বহুতপৰ বাট চোৱাৰ পিছত একো মাত নুশুনি মূৰ তুলি চাই দেখে ককাক সেই বহাতেই টোপনি গৈছে। শুই থকা ককাকৰ মুখখন দেখি জিয়াৰ কিবা এটা মৰম লাগি গ'ল। শয়নে সপোনে আইতাককে দেখি থকা ককাকে তাইক ইমান ভাল পায়। চিঠিখন লিখা কাগজপাতটো ফালি তাই জাপি-কুচি নিজৰ লগত ৰাখি লৈ অনিতাবাৰ সহায়ত বহাতেই শুই পৰা ককাকক বিছনাখনত শুৱাই দি কপালতে চুমা এটা দি তাই ৰূমটোৰ পৰা ওলাই আহিল।
"ভগৱান ককাক ভাল কৰাই দিয়াচোন"
আজিকালি জিয়াই মন্দিৰ, মছজিদ, গীৰ্জা যি দেখে মূৰটো দুৱাই কেৱল সেইটো প্ৰাৰ্থনাই কৰে। এদিন ককাকে তাইক কৈছিল সৰু ল'ৰা-ছোৱালীৰ প্ৰাৰ্থনা বোলে ভগৱানে শুনে। সেয়ে আইতাকৰ তেওঁৰ ওপৰত থকা অভিমান ভাঙি তেওঁক আকৌ ককাকৰ ওচৰলৈ উভতাই আনিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ কৈছিল। ককাকৰ কথাত দহবছৰীয়া জিয়াৰ মনটো কান্দি উঠিছিল। ককাকে হয়তো সেই সময়ত পাহৰি গৈছিল আইতাক যে কেতিয়াও তেঁওৰ ওচৰলৈ উভতি আহিব নোৱাৰা দেশলৈ গ'লগৈ। কিন্তু ককাকৰ সেই কথাটো জিয়াৰ মনত ৰৈ গ'ল, ক'ৰবাত কিবা এটা আশা পুহি ৰাখিছেই সকলো নুশুনিলেও কিজানি দুই এটা কথা ভগৱানে শুনেই।
: সৱিতাই আগতে মোক চিগাৰেট খালে খুউব গালি দিছিল।
বাটত পৰি থকা কোনোবাই খাই থৈ শেষ কৰি থৈ যোৱা চিগাৰেটৰ টুকুৰাটো বুটলি লিৰিকি-বিদাৰি চাই ককাকে জিয়াক কয়।
: তুমিনো কিয় খাইছিলা চিগাৰেট।
: অকল ময়েই খাইছিলোঁ নেকি? আমাৰ মুন তেতিয়া চাগে ক্লাছ এইটত। মোৰ পেকেটটোৰ পৰা চিগাৰেট এটা উলিয়াই চলাইকাঠীটো মাৰি গেৰেজটোৰ পিছফালে চিগাৰটটো জ্বলাই লৈছিলহে দেখিলে নহয় সৱিতাই...
দুইখন হাতেৰে চাপৰি বজাই হাঁহি হাঁহি জিয়াক কথাকেইটা কৈ গ'ল।
: তাৰপিছত তুমি কেতিয়া এৰিলা চিগাৰেট?
জিয়াই যেন কিবা এটা জানিবলৈহে চেষ্টা কৰিছে তেনেদৰে ককাক কথাটো সুধিলে।
: সেইদিনাই। সৱিতাই ঘোষণা কৰি দিলে নহয়, হয় মই আৰু চিগাৰেট থাকিম, নহয় সৱিতা আৰু মুন থাকিব। বছ, হৈ গ'ল। সৱিতা আৰু মুনকটো এৰিব নোৱাৰোঁ চিগাৰেটেই এৰি দিওঁ।
এইবাৰ ককাকে হাঁহি হাঁহি কথাকেইটা কৈ সৰু ল'ৰা এটাৰ দৰে উচুপি উঠিল।
: দিয়া এতিয়া এইটো পেলাই দিয়া আৰু ঘৰলৈ যাওঁ ব'লা
জিয়াই ককাকৰ হাতৰ পৰা চিগাৰটেৰ টুকুৰাটো লৈ দলিয়াই দি তেওঁক ঘৰলৈ লৈ আহিল।
সেইদিনাও জিয়াই ককাকক পাৰ্কখনলৈ লৈ গৈছিল। ককাকক খালী বেঞ্চ এখন পাই বহুৱাই দি তায়ো কাষতে বহি ককাক কৈছিল আজি দুইটাই আইতাকক মাতিব। সেয়ে দুয়োয়ে 'আইতা, সৱিতা' বুলি চিঞৰাত লাগিল। অলপ সময়ৰ পিছত চিঞৰি জিয়াৰ ভাগৰ লগা ককাক আইতাকক ফুৰাবলৈ নিয়াৰ পৰা আৰম্ভ কৰি কিবাকিবি সুধিবলৈ লাগিল। এনেকৈ সুধি থকাৰ মাজতে ককাকে মাত লগালে,
: গোঁসানী সৌজনী চা সৱিতা আহিছে। চা সেয়া মুখখন ফুলাই আহিছে।
ককাকৰ কথা শুনি জিয়াই ইফালে সিফালে চাই কাকো ক'তো চিনাকি মানুহ নেদেখিলে। মাত্ৰ পাৰ্কখনৰ সিটো পাৰে সিহঁতৰ ঘৰৰ কাষৰে হাজৰিকা আংকলহঁতৰ আইতাকক পাৰ্কখনৰ গেইটৰ ওচৰলৈকে আহি থকা দেখিলে। ককাকে কেনেবাকৈ তেওঁৰ কথাকে কৈছে নেকি আকৌ এবাৰ ককাকৰ চকুলৈ চালে। নাই ককাকৰ চকু সেইফালে নাই। তাই এইবোৰে পৰ্যবেক্ষণ কৰি থাকোঁতে আকৌ ককাকে মাত দিলে,
: তুমি বেয়া নাপাবা, ইহঁতেহে মোক এৰি নিদিয়ে। মই ইমানদিন যাওঁ যাওঁ কৈয়ে আছিলোঁ।
ককাকৰ মাত শুনি জিয়াই এইবাৰ ককাকৰ ফালে মূৰটো ঘূৰাই দেখিলে ককাকে কাষত কোনোবা বহিলে কথা পতাৰ দৰে ভৰিৰ ওপৰত ভৰি তুলি এখন হাতেৰে নিজৰ আনখন হাত মোহাৰি মূৰ জোকাৰি কথা কৈ আছে।
: ককা কি কৰি আছা, কাৰ লগত কথা পাতিছা?
: কেলৈ এইজনী আইতাৱৰ নহয়, বেয়া পাইছে তহঁতক। মোক তহঁতে এৰি দিয়া নাই যাবলৈ।
তাইক কথাকেইটা কৈ ককাকে আকৌ সিফালে মুখখন ঘূৰাই কথা পতাত লাগিল।
জিয়াই অলপ সময় কি কৰিব ভাবি ল'লে। এতিয়া যদি ককাকক তাই জোৰ কৰি ইয়াৰ পৰা উঠাই নিয়ে তেওঁৰ খং উঠিব। ককাকৰ এনেকুৱা সময়ত যদি খং উঠে কি ঘটনা ঘটিব জিয়াৰ জনা আছে। হয়তো ককাকে নিজৰ ভুলটো গম পাই নিজৰ গালতে থপৰিয়াই চিঞৰি চিঞৰি কান্দিব নহ'লে 'তহঁতে চবেই মিছা কথা কৈ থাক' বুলি বেঞ্চখনৰ পৰা উঠি দৌৰ মাৰিব। সেয়ে তাই অকণমান সময় ককাকক তেনেকৈয়ে থাকিবলৈ দি তাই উঠি গৈ বেঞ্চখনৰ ওচৰতে ঘূৰা পকা কৰি থাকিল। দহমিনিটমান তেনেকৈয়ে থাকি যেতিয়া তাই ককাকলৈ ঘূৰি চাই দেখে ককাকে কাৰোবাক হাত জোঁকাৰি বিদায় দিয়াৰ দৰে কৰি আছে। তাই তেতিয়াই দৌৰ মাৰিব আহি,
: ককা ব'লা, আইতাৰ লগত যাওঁ।
তাইৰ কথাটো শুনিবলৈ পালেহে কোন তলকত ককাকে বেঞ্চৰ পৰা উঠি দৌৰ মাৰিলে তাই ততেই ধৰিব নোৱাৰিলে।
: ককা ৰ'বা ৰ'বা
বুলি চিঞৰি চিঞৰি তায়ো ককাকৰ পিছে পিছে দৌৰ মাৰিলে। তাইৰ চিঞৰ শুনি ককাকে পাছলৈ ঘূৰি চাওঁতেই শিল এটাত উজুতি খাই ধামকৈ মাটিত মুখখন তললৈ দি বাগৰি পৰে। ককাক পৰা দেখি তাই যিহে গগণ ফালন চিঞৰ মাৰিলে ওচৰে-পাজৰে য'ত যিমান মানুহ আছিল সেইখিনি পালেহি।
দুদিন হ'ল ককাক হস্পিটেলত থকা। ডাক্তৰে মাকহঁতক কি কৈছে তাই নাজানে ভালকৈ। তাই এই দুদিনত কিন্তু ককাক দেখি জিয়াৰ কিবা এটা দুখ লাগি আছে। হস্পিটেলৰ বেডত শুই থাকিয়ে মাজে মাজে হাতখন ওপৰলৈ ডাঙি তৰ্জনী আঙুলিটো টোঁৱাই কিবা এটা দেখুৱাই ফুচফুচাই কিবাকিবি কৈ থাকে। কিন্তু মাতটো স্পষ্ট নহয়। জিয়াৰ খুউব ভয় লাগিল ককাক দেখি।
"এইবাৰ বাৰু ককাক সঁচাকৈয়ে আইতাকৰ ওচৰলৈ যাবগৈ নেকি!"
জিয়াই ভাবিব নোৱাৰে ককাকে তাইক এৰি থৈ গুচি যোৱা কথাটো। এইকেইদিন বাৰে বাৰে জিয়াই সেই চিঠিখনকে পঢ়ি আছে। শেষৰ শাৰীটো সম্পূৰ্ণ হ'বলৈ থাকি গ'ল যদিও তাই নিজেই বুজি লৈছে যে ককাকে তাইৰ লগত সদায় থকা কথাটোৱেই কৈছিল।
মনটোক তাই যিমানেই সান্ত্বনা নিদিয়ক, তাইৰ কিন্তু আইতাকৰ মৃত্যুৰ সময়ত মাকে দেউতাকক কোৱা কথাটোৱে তাইৰ মনত বৰকৈ খুন্দিয়াবলৈ ধৰিলে 'আমি অহা আৰু যোৱাত কাকো ৰখাব নোৱাৰোঁ।'।
বাৰে বাৰে ভগৱানক ককাকক আগৰ দৰে কৰি দিবলৈ খাটি আছে বেচেৰী জিয়াই। তাই স্কুলৰ পৰা আহি ককাক চাবলৈ হস্পিটেললৈ গ'ল। নাকে-মুখে পাইপ গুজি বিছনাত পৰি থকা ককাক তাইক দেখি হাত বাউল দি ওচৰলৈ মাতিলে। তাই ককাকৰ ওচৰ পোৱাত ককাকে তাইৰ হাতখনত খেপিয়াই ধৰি কঁপা কঁপা মাতেৰে ফুচফুচাই কোৱাৰ দৰে ক'লে,
"সৱিতা চিন্তা নকৰিবা আজি যামেই তোমাৰ লগত"
ককাকৰ কথা শুনি জিয়া উচুপি উঠিল। ককাকৰ হাতখন সজোৰে চেপা মাৰি ধৰি তাই উচুপি উচুপিয়ে কৈ উঠিল,
"মই তোমাৰ গোঁসানী ককা, মোক এৰি তুমি ক'তো যাব নোৱাৰা।"।

Wednesday, 7 December 2022

বিয়ানামবোৰ হেৰাই যাব নেকি?


এতিয়া বিয়া বতৰ। নিজেই এতিয়ালৈকে এখনো বিয়া খাবলৈ পোৱা নাই যদিও বেলেগৰ বিয়া ফটোবোৰ দেখিয়েই গম পোৱা গৈছে ৰাইজে কেনেকুৱা কাপোৰ পিন্ধি কেইখন বিয়াত গৈছে। আচলতে আজিকালি এইবোৰৰ খবৰ ৰাখিবলৈ একেবাৰে সহজ হৈ পৰিল কেৱল সামাজিক মাধ্যমবোৰৰ কাৰণে। বিয়া এখন খাবলৈ গৈ ফটো দিয়াটো বৰ্তমান পৰম্পৰাৰ ভিতৰত পৰে। সামাজিক মাধ্যমত ফটো এখন দি ৰাইজক 'মই বিয়া খালোঁ কথাটো'ৰ যুক্তিটো একেবাৰে নুই কৰিব নোৱাৰি। সাঁজি-কাচি বিয়া এখন খাবলৈ যোৱাত বহুত কথা সোমাই থাকে। আজিকালি ব্যস্তাপূৰ্ণ জীৱনত ঘৰৰ কাষতে থকা বন্ধুজনকো এবছৰমান লগ কৰা নহয়। বাকী মাহী, পেহী সম্পৰ্কবোৰটো বাদেই দিলোঁ। কিন্তু বিয়া এখনে সেই সুযোগ আমাক দিয়ে। গোটেই বছৰটোৰ ব্যস্ততাৰ পিছত, সেই সুযোগ আচলতে আমি হেৰুৱাবও নিবিচাৰোঁ। এবাৰ তেনে এখন বিয়ালৈ যোৱাৰ পিছত আটাইবোৰ মানুহ লগ পোৱাৰ পিছত মানুহৰ হাতে হাতে যদি কেমেৰা থাকিও ফটো এখন উঠা নহয় তেন্তে কেনেকৈ হ'ব। আৰু সেইবোৰ স্মৃতি হিচাপে সামাজিক মাধ্যমত ফটোখিনি দিয়াটো একো বেয়া কথা নহয়। লগতে আমাৰ নিচিনা বিয়া খাবলৈ নোপোৱা দূৰ্ভগীয়াবোৰেও এইবোৰ ফটো চাই বিয়া খাবলৈ/চাবলৈ নোপোৱাৰ দুখটো পাতলাব পাৰোঁ। তদুপৰি আজিকালি ট্ৰেণ্ডত কেনেধৰণৰ কাপোৰ, গহণা চলি আছে সেইটোও অকণমান চৌখিন মানুহে চকু ফুৰাই লয়। আচলতে এইবোৰৰ জৰিয়তে আমাৰ পৰম্পৰা সাঁজ-পাৰ, অসমীয়া গহণাবোৰো প্ৰদৰ্শন হয়, যিটো খুউব ভাল কথা। এইবোৰ দেখি-শুনি অনুভৱ হয় আমি এতিয়াও আমাৰ পৰম্পৰা হেৰাই যাবলৈ দিয়া নাই।

পিচে এই বিয়া-বাৰুবোৰ দেখিলে এটা কথাই মনটোত খু-দুৱাই থাকে। আজিকালি বাৰু আগৰ দৰে বিয়াঘৰবোৰত জাউৰিয়ে জাউৰিয়ে বিয়ানামবোৰে ঘৰখন উদুলি-মুদুলি কৰি ৰাখেনে? ২০০৪চন মানৰ কথা। মই তেতিয়া দশমমানত। মোৰ বৰতাৰ ছোৱালীজনীৰ বিয়া। দুই তিনিদিনমান আগৰ পৰাই মিটিৰে-কুটুম্বে বিয়াঘৰ উৰি যোৱা অৱস্থা। লগতে জাউৰিয়ে জাউৰিয়ে পৰা বিয়ানামবোৰে পৰিৱেশটো আৰু অলপ প্ৰাণময় কৰি তুলিছিল। ওলাওঁতে-সোমাওঁতে, বহোঁতে, পানী আনিবলৈ যাওঁতে কইনাৰ মাকক দেখি দুগৰাকীমানে বিয়ানাম, কোনোবা দুগৰাকীয়ে দেউতাকক দেখি, কোনোবাজনীয়ে আকৌ মৰ ফূৰ্তিতে বিয়ানামকে গুণগুণাইছিল। কোনোবাই আকৌ আহি যোৰানামকে যোৰে। মুঠৰ ওপৰত কোনে কিমান বিয়ানাম গাব পাৰে, কোনে কিমান জানে সেইবোৰ লৈ আখৰা, প্ৰতিযোগিতা সকলোবোৰ একেলগে চলি আছিল।

আচলতে আগৰ সেই দুই তিনিদিনীয়া বিয়াৰ স্থান পৰিপূৰ্ণ কৰিলে এদিনীয়া বিয়া। বৰ্তমান যুগত কাৰো ইমান সময় নাই কাৰোবাৰ ঘৰত বিয়া বুলিয়েই তিনি চাৰিদিন আগৰে পৰা আহি বিয়াঘৰত থাকিবলৈ। আজিকালি সময়ৰ অভাৱতেই হওক বা লাগি দিয়া মানুহৰ অভাৱতেই হওক বিয়াবোৰ এদিনতেই সামৰি থোৱা হয় য'ত নেকি আয়তীৰ সময়ো নুলায় জাউৰিয়ে জাউৰিয়ে বিয়া নাম তুলিবলৈ।

এইবোৰৰ উপৰিও আমাৰ অসমীয়া সংস্কৃতিৰ বস্তুবোৰ লাহে লাহে হেৰাই যাবলৈ ধৰাৰ আঁৰত আছে উত্তৰ ভাৰতীয় সংস্কৃতি প্ৰীতি। আজিকালি প্ৰায়বোৰ বিয়াতেই দেখা যায় বিয়াখন ঠিকেই হয় তিনিদিনীয়া কাৰ্যসূচীৰে কিন্তু তাত থাকে মেহেন্দী, সংগীত ইত্যাদি য'ত বিয়ানামৰ পৰিৱৰ্তে শুনিবলৈ পোৱা উচ্চ স্বৰত বাজি থকা পাঞ্জাৱী গান আৰু তাৰ তালে তালে ভাংৰা। লোকৰ সংস্কৃতিৰ বিষয়ে শিকাটো বা জানিবলৈ ইচ্ছা কৰাটো বেয়া কথা নহয় কিন্তু নিজৰখিনিক এলাগী কৰি থোৱাটোহে কাম্য নহয়।

সেইখন বিয়াৰ পিছত এনেকুৱা এখন বিয়া খোৱা নাই য'ত বিয়ানামে লহৰ তুলিছিল। হয় গাই, একেবাৰে নোগোৱা নহয় কিন্তু বিয়ানাম গোৱাৰ সেই আগৰ উল্লাসটো যেন ক'ৰবাত হেৰাই গৈছে। বিয়ানাম হৈছে অসমীয়া লোক সাহিত্যৰ এক অমূল্য সম্পদ যাক ধৰি ৰাখি নজনাসকলৰ মাজত বিলাই দিয়াটো আমাৰ দায়িত্ব।যেনেকৈ আমি উত্তৰ ভাৰতীয় মেহেন্দী, সংগীতৰ দৰে অনুষ্ঠানবোৰ আমি নজনা অসমীয়াসকলৰ আগত তুলি ধৰিছোঁ।

বিয়ানাম কেতিয়াও একক নহয়, ই হৈছে সমবেত গীত। বিয়ানাম আৰু উৰুলি এক বিবাহ অনুষ্ঠানৰ অবিচ্ছেদ্য অংগ আৰু এক মাংগলিক সংকেত বুলিও বিবেচনা কৰা হয়। এই বিয়ানামবোৰ বিভিন্ন সময়ৰ কাৰণে ভেদ ভেদ হয়। যেনে- কইনা উলিয়াই দিয়া সময়ত, সুৱাগ তোলা সময়ত, পানী তোলাৰ সময়ত, দৰা আদৰোঁতে, হোমৰ গুৰিত বহোঁতে বিধে বিধে এই গীতবোৰ গোৱা হয়।

অন্য লোকগীতসমূহৰ তুলনাত আমাৰ বিয়ানামৰ সংখ্যাই সৰহ। এইবোৰ কেতিয়া কোনে ৰচনা কৰিছিল সেইবোৰৰ হিচাপ উলিওৱাটো টান যদিও যুগে যুগে এইবোৰৰ ৰচনা ব্ৰতী আছে।

বিয়ানামবোৰৰ বিষয়বস্তু, বৰ্ণনা আদিলৈ চাই বিয়া নামবোৰ দুটা ৰূপত পোৱা যায়। প্ৰথমবিধ গহীন গম্ভীৰ আৰু ৰুচিপূৰ্ণ। এই ধৰণৰ গীতত ৰাম-সীতা, ৰাধা-কৃষ্ণ, ঊষা-অনিৰুদ্ধ আদি পৌৰাণিক চৰিত্ৰসমূহৰ বিবাহৰ বৰ্ণনা দি দৰা-কইনাক আবেগিক কৰা দেখা যায়। এই ধৰণৰ গীতত বিচ্ছেদৰ কাৰুণ্য, মিলনৰ আনন্দ আদি আয়তীসকলে সুন্দৰকৈ প্ৰকাশ কৰে। এই ধৰণৰ গীতবোৰত ৰচনাৰ সৰলতা, কল্পনাৰ কমনীয়তা, উপমাৰ মনোহাৰিতা, ঘৰুৱা জীৱনৰ প্ৰাঞ্জল চিত্ৰ আদি সুন্দৰভাবে পৰিস্ফুত হোৱা দেখা যায়।

ওপৰত উল্লেখিত বিয়ানামবোৰৰ উপৰিও বিয়ানামৰ অন্য এটা ৰূপ দেখা পোৱা যায়। ইয়াত দৰাঘৰীয়াই কইনাঘৰীয়াক আৰু কইনাঘৰীয়াই দৰাঘৰীয়াক ঠাট্টা মস্কৰা কৰা দেখা যায়। এই ধৰণৰ গীতক সাধাৰণতে যোৰা নাম বুলি কোৱা হয়। নামনি অসমত এই ধৰণৰ গীতক খিচা গীত বুলিও কয়। এই গীতবোৰ দৰা আদৰোঁতে আনন্দ উপভোগ কৰিবলৈ আৰু কইনা হোমৰ গুৰিত বহোঁতে কাৰুণ্য আঁতৰাবলৈ হাঁহি-তামাচাৰে গোৱা হয়।

এই অৰ্থব্যঞ্জক বিয়ানামবোৰ আয়তীসকলৰ মুখে মুখে অতীজৰে পৰা চলি আহিছে। ইমান সুন্দৰ বিয়ানামবোৰ থকাৰ পিছতো আজিকালি এই আপুৰুগীয়া সম্পদবোৰ সময়ৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। বাহ্যিক জাকজমকতাক অধিক গুৰুত্ব দিবলৈ যাওঁতে বিবাহৰ দৰে এটি অনুষ্ঠান প্ৰাণৱন্ত কৰি ৰখা বিয়ানামবোৰক আমি আওকাণ কৰিবলৈ লৈছোঁ। যিটো নেকি আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা। প্ৰকৃততে এই বিয়ানামবোৰ হৈছে মহিলাকেন্দ্ৰিক। আমি এইবোৰ শুনিলেই গম পাওঁ যে এই বিয়ানামবোৰৰ সাহিত্যিক আৰু সাংগীতিক মাধুৰ্য্যৰ কথা৷ ছন্দ, অলংকাৰৰ সুষম প্ৰয়োগে ইয়াৰ সাহিত্যিক সৌন্দৰ্য আৰু অলপ হলেও বঢ়াই তুলিছে। বিয়ানামবোৰ কেৱল কন্যা ঘৰৰ বিয়াতহে পৰিৱেশিত হয় এনে নহয়, দৰাঘৰীয়া বিয়াতো বিভিন্ন কাৰ্যৰ লগত সংগতি ৰাখি বিয়ানামবোৰ গোৱা হয়৷ অৱশ্যে কন্যাঘৰত গোৱা নামৰ সৈতে দৰাঘৰত গোৱা নাম একে নহয়৷ যিহেতু বিয়ানামবোৰ মহিলাকেন্দ্ৰিক গতিকে ইয়াৰ লগত জড়িত হৈ আছে আয়তীসকলৰ ৰং তামাচা। লাহে লাহে বিয়ানাম গোৱা পৰ্বটো কমি অহাত বৰ্তমানৰ বিয়াত সেই ৰং তামাচাৰ পৰা আয়তীসকলো বঞ্চিত হোৱাৰ দৰে হৈছে।

আমাৰ উত্তৰ পুৰুষক অসমীয়া লোকসাহিত্যসমূহৰ লগত চিনাকি কৰাই দিয়াৰ দায়িত্ব আমাৰ। এইখিনিতে এটা উল্লেখ কৰিব লাগিব যে লোকসাহিত্য বুলিলে কেৱল বিয়ানাম বা সাধুকথাকেই নুবুজায়। ই লোকগীত ,লোককথা বা সাধুকথা আৰু প্ৰবাদ ,প্ৰবচন, ফকৰা- যোজনা, ডাকৰ বচন, মন্ত্ৰ সাহিত্য ইত্যাদি এই সকলোবোৰকে একেলগে সমাৰি লয়। মুখ পৰম্পৰাৰে এই শ্ৰেণীৰ সাহিত্য এটা যুগৰ মানুহৰ পৰা আন এটা যুগলৈ চলি অহাৰ বাবে এইবোৰক মৌখিক সাহিত্য আৰু জনসাধাৰণৰ মাজত বৰ্তি থকাৰ বাবেই ইহঁতক কোৱা হয় “জনসাহিত্য”৷ গতিকে এইবোৰক কালক্ৰমত হেৰাই যাবলৈ নিদি আমি লোকৰ সংস্কৃতিবোৰ আদৰি লোৱাতকৈ নিজৰবোৰকে সমাজত উপস্থাপন কৰাৰ চেষ্টা চলোৱাটো প্ৰয়োজনীয়। নহলে কেতিয়া এইবোৰ আমাৰ চকুৰ আগতেই পাহৰণিৰ গৰ্ভত লোপ পাব আমি নিজেই গম নাপাম।