Popular Posts

Search This Blog

Wednesday, 2 August 2017

দুচকুৰ মিঠা ভাষা (A Sweet Language of Eyes)

চিঠিখন বাৰে বাৰে লিখে তথাপিও সম্পূৰ্ণ কৰিব নোৱাৰে। চিঠি বুলি আচলতে ক'ব নোৱাৰি। সি দিয়া দীঘল চিঠিখনৰ উত্তৰত মাত্ৰ তিনিটা শব্দ লিখিব লাগে তথাপিও তাই পৰা নাই। এনেই কাউৰীঠেঙীয়া আখৰ, তাৰওপৰতে আকৌ কঁপি থকা হাঁতৰ লিখনিত সেইয়াও কিবাহে হৈছে। মুঠতে বাৰে বাৰে লিখে আৰু কাটে ইফালে আকৌ যিহে বুকুৰ ঢপঢপনি কেতিয়াবা সেইখিনিও ওচৰে পাজৰে থকা চবেই শুনা যেনেই লাগে। চিঠিখন বাৰে বাৰে পঢ়ে। ক'ত কমা, ক'ত দাৰি সেইখিনিও মুখস্থ হৈ গৈছে তাইৰ। খালী উত্তৰটোহে দিব পৰা নাই। সেইবোৰ কৰি থাকোতেই নিপ পেনটোৱেদি লিক হৈ থকা চিঁঞাহীখিনিয়ে মধ্যমা আৰু তৰ্জনী আঙুলিৰ মাজৰখিনি একেবাৰে নীলা কৰি পেলাই। কিনো আৰু সেইখিনিকে ধুবলৈ যাব চুলিখিনিতে লগাই থৈ চিঠি লিখা পৰ্বৰ সামৰণি মাৰি শুবলৈ যায়। তাৰপৰা পোৱা চিঠিখনৰ পিছৰপৰাই একেখিনি ঘটনাই ঘটি আছে তাইৰ লগত। কিয় যে সি লিখি দিলে 'চিঠিৰ উত্তৰ দিব।'


তাই চিঠিখনৰ কথা ভাবিয়ে মাক শুই থকা বিছনাখনতে দীঘল দি পৰে । কাইলৈ ন'হলে তাক স্কুলৰ লেজাৰতে একাষৰীয়াকৈ মাতি নি কৈ দিব। কিন্তু সেইটোও জানো সহজ! লগৰখিনিয়ে জোকাবলৈ ৰৈহে থাকে সিঁহত দুয়োটাকে। তাইৰ বাৰু তাৰ লগত জোকালে ইমানো বেয়া নালাগে তথাপিও বেলেগক দেখুৱাবলৈকে মুখখন উন্দোলাই গুচি আহে।


চিঠিখনৰ উত্তৰটো লিখিব নোৱাৰিহে তাইৰ বেয়া লাগি আছে। সোহাঁতৰ আঙুলিত লাগি থকা চিঁঞাহীখিনি আন্ধাৰতে এনেই আকৌ এবাৰ চাই ল'লে। সেই চিঁঞাহীখিনিকো তাইৰ কিবা ভাল লাগি আহিবলৈ ধৰিলে। সেইখিনিও যে তাইৰ প্ৰেমৰে চিন। তাৰ ওপৰতো খং উঠিল নীলা হোৱা আঙুলিকেইটা দেখিও সি বুজি পাব নালাগেনে যে তাই তাৰ চিঠিৰ উত্তৰ লিখি লিখিয়ে এই অৱস্থা।


আগতে জানো ইমান দেৰিলৈকে পঢ়া টেবুলত বহিব পাৰিছিল। দেৰিটো বাদেই স্কুলতে যি পঢ়া-শুনা কৰে। স্কুলৰপৰা আহি মাকৰ লগত ঘৰৰ কামত লাচনি-পাচনি কৰি দিঁওতেই সময়বোৰ পাৰ হয়। আজি দুদিনমানৰপৰাহে ৰাতি ৰাতি টেবুলত বহিবলৈ লৈছে। মাক আকৌ আচৰিত নোহোৱাও নহয়। তথাপিও জীয়েকৰ মতিগতি ভাললৈ আহিছে বুলি একো কোৱা নাই। লাইটোৱেও মাজে মাজে লুকা-ভাকু নেখেলা নহয়। তথাপিও জীয়েকৰ পঢ়া ক্ষতি হয় বুলিয়েই কাষতে হাত লেম্পটো জলাই থৈ তেওঁ শুবলৈ যায়। আৰু জীয়েকেও পঢ়াৰ নামত হাতটো চিঁঞাহীৰে নীলা কৰি বহীপাত কেইখিলামান নষ্ট কৰা বাদ দি একো নকৰে। অ অৱশ্যে মাজে আঁহত পাতটো আকি মাজেৰে কাঁড় চিন এডাল মাৰি সিহঁত দুয়োৰে নামটো নিলিখা নহয়।কিন্তু সেইখিলা আকৌ মাকে কেনেবাকৈ দেখা পায় বুলিয়েই লৰালৰিকৈ সোতোৰ মোচোৰ কৰি নষ্ট কৰি পেলাই দিয়া বহীপাতসোপাৰ মাজতেই পেলাই দিয়ে। সেইখিলা পেলাই দিয়াৰ সময়ত তাইৰ এনেকুৱা লাগে যেন কোনোবাই তাইৰ হিয়াৰ এফালহে লৈ গৈছে। চিঁঞাহীৰে নীলা কৰি থোৱা আঙুলিকেইটা তাইৰ পিছদিনা ধুবলৈও মন নাযায়। ধুলেই যেন নীলাখিনিৰ লগতে ভালপোৱাৰ সেউজীয়া বিলাকো গুচি যাব।


প্ৰাৰ্থনা গাবলৈ লাইন পাটি সিটো মুৰত তাইলৈ চাও নাচাওকৈ চাই থকা তাৰ চকুত চকু পৰিলেই কিবা এটা লাজে আবৰি ধৰেহি। হাঁহো নাহাঁহোকৈ ওঁঁঠখন লৰাবলৈ ধৰোতেই কাষৰজনীয়েই হঁওক পিছফালৰজনীয়ে খুচ এটা সদায় মাৰিবই। তেতিয়াই আকৌ দুয়ো কোনোবাই দেখাৰ ভয়ত সচকিত হৈ পাৰ ভাঙি বৈ অহা প্ৰেমক ভেটা দিব লগীয়া হয়। ইফালে তাৰ মনত খদমদম জানোচা তাই চাদৰৰ  মিহি মিহি ভাজৰপৰা এইমাত্ৰ চিঠিখন উলিয়ায়েই। কিন্তু সেইয়া কেতিয়াও হৈ নুঠেগৈ।


ক্লাছ নাইনৰ কথা পঢ়া-শুনা অলপ কৰিছে চাগে! তাইৰ দীঘল দীঘল আঙুলিকেইটাত লাগি থকা চিঁঞাহীখিনি দেখি সি মনতে সান্ত্বনা লয়।  আঙুলিৰ নীলাখিনিৰ সৈতে ধুনীয়া নখকেইটাত লগাই থোৱা টিকটিকিয়া জেতুকাৰ ৰংটো একেবাৰে মিলা নাই। তথাপিও যেন বেয়া লগা নাই। এনদৰে দূৰৈৰপৰা দুয়ো দুয়োকে চাই থাকোতেই সময় বাগৰে। চিঠিখনৰ উত্তৰ নাপালেও ইমানদিনে তাইৰ চকুৰ ভাষাতেই সকলো উত্তৰ ইতিমধ্যে সি পাই গৈছে। দুচকুৰ ভাষাৰে দিয়া উত্তৰটোও যে ইমান মিঠা সিঁহতহালৰ বাদে কোনে বুজিব। 
Post a Comment